কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পৰা ৬৪৭ গৰাকী ভাৰতীয়ক বিশেষ বিমানেৰে অনা হ’ল দিল্লীলৈ…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰা চীনৰ পৰা শনিবাৰে নিশা ৩২৪ গৰাকী ভাৰতীয় নাগৰিকক বিশেষ বিমানেৰে দিল্লীলৈ অনাৰ পাছত দেওবাৰে পুৱাই চীনৰ বুহান চহৰৰ পৰা ৩২৩ গৰাকী ভাৰতীয়ক ভাৰতলৈ অনা হয়।

Image

বিশেষ বিমানৰ যোগেদি দেওবাৰে পুৱা দিল্লী বিমান বন্দৰত উপস্থিত হোৱা দ্বিতীয়টো দলৰ ৩২৩গৰাকী ভাৰতীয়ৰ লগতে আছে ৭ জন মালদ্বীপৰ নাগৰিক।

Image

চীনৰ পৰা ভাৰতলৈ অনা এই সকলো নাগৰিকক পুনে পুনে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। আগন্তুক ১৪ দিন ধৰি চিকিৎসকৰ পৰীক্ষাৰ পিছতহে লোকসকলক নিজৰ ঘৰলৈ পঠোৱা হ’ব। উল্লেখ্য যে, চীনৰ পৰা ভাৰতীয় নাগৰিকসকলৰ লগতে মালদ্বীপৰ ৭ গৰাকী নাগৰিকক চীনৰ পৰা উলিয়াই অনাক লৈ মালদ্বীপৰ বিদেশমন্ত্ৰীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে।

Image

The post কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পৰা ৬৪৭ গৰাকী ভাৰতীয়ক বিশেষ বিমানেৰে অনা হ’ল দিল্লীলৈ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UgPqsj
via IFTTT

Comments