দিল্লীৰ জামিয়া মিল্লিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত নিশা গুলীচালনা

  • জামিয়া মিল্লিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত দেওবাৰে নিশা গুলীচালনা।
  • বিশ্ববিদ্যালয়খনৰ ৫ নম্বৰ প্ৰৱেশদ্বাৰত গুলীচালনা হোৱা বুলি জানিব পৰা গৈছে।
  • দুজন লোকে স্কুটীত আহি গুলীচালনা কৰাৰ অভিযোগ।
Image
  • ঘটনাটো সংঘটিত হোৱাৰ পিছতে বিশ্ববিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
Image
  • নিশাৰে পৰা দিল্লী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
  • জামিয়া নগৰ আৰক্ষী থানাৰ বাহিৰতো নিশাই সমবেত হয় হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰী।
  • অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা হোৱা নাই।
  • ছাত্ৰ-ছাত্ৰীসকলে জামিয়া নগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

The post দিল্লীৰ জামিয়া মিল্লিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত নিশা গুলীচালনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3b9VdWK
via IFTTT

Comments