পুৱাই হিন্দুত্ববাদী নেতাক গুলীয়াই হত্যা দুৰ্বৃত্তৰ…

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই লক্ষ্ণৌত হজৰতগঞ্জত সংঘটিত হয় এক হত্যাকাণ্ড। পাতঃভ্ৰমণলৈ যোৱা এজন হিন্দুত্ববাদী নেতাক গুলীয়াই হত্যা কৰে অচিনাক্তা দুৰ্বৃত্তই। ৰণজিত বচ্চন নামৰ লোকজনক হজৰতগঞ্জৰ গ্লোবেল পাৰ্কৰ সমীপতে বাইকত অহা দুৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণ কৰে। মুৰ গুলী লগাত ঘটনাস্থলীতে মৃত্যু হয় লোকজনৰ।

উল্লেখ্য গুলীবৰ্ষণৰ সময়ত ৰণজিত বচ্চনৰ সৈতে আছিল তেওঁৰ ভাতৃ। ভাতৃৰ হাততো গুলী লগাত বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইফালে সমগ্ৰ ঘটনাই লক্ষ্ণৌত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে পুৱাৰে পৰাই আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

The post পুৱাই হিন্দুত্ববাদী নেতাক গুলীয়াই হত্যা দুৰ্বৃত্তৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Udi1yG
via IFTTT

Comments