চামগুৰি বিদ্যুত বিভাগৰ কলনীত মহামিলন অনুষ্ঠান

ডিজিটেল সংবাদ, চামগুৰিঃ দিনটোৰ ২৪ ঘন্টায়ে ৰাইজক বিদ্যুত যোগান ধৰাত ব্যস্ত হৈ থকা বিদ্যুত বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক নগাঁৱৰ চামগুৰিত দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত। ৰাইজৰ সেৱা কৰাৰ সমান্তৰাল ভাৱে গীতে-মাতে মুখৰিত হ’ল চামগুৰি বিদ্যুত বিভাগৰ কলনী। চামগুৰিৰ বিদ্যুত বিভাগৰ কলনীত অনুষ্ঠিত হয় এক মহামিলন অনুষ্ঠান।

বৈদ্যুতিক শিপাৰ সন্ধানত নষ্টালজিক নামৰ গ্ৰুপটোৱে তিনি প্ৰজন্মক একত্ৰিত কৰি বৈদ্যুতিক শক্তিৰ মাজত নিজকে আৱদ্ধ কৰি নাৰাখি অনুষ্ঠিত কৰে এই অনুষ্ঠান। নৱ প্ৰজন্মক পূৰ্ব পুৰুষ সকলৰ লগত চিনাকি কৰি দিয়াৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানে চামগুৰি বিদ্যুত বিভাগৰ কলনীত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰে। উক্ত অনুষ্ঠানত বিদ্যুত বিভাগৰ বহু অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীও উপস্থিত থাকিল।

আনহাতে বহু বছৰৰ পাছত নিজৰ সহপাৰ্ঠী সকলক লগ পাই সকলো হৈ পৰে নষ্টালজিক। নিজৰ জাতি-ধৰ্ম আৰু ভাষা ৰক্ষা কৰাৰ মানসেৰে আয়োজন কৰা এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে, উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ লগতে অন্তৰংগ আলাপ, এখন প্ৰদৰ্শনী আৰু সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।
The post চামগুৰি বিদ্যুত বিভাগৰ কলনীত মহামিলন অনুষ্ঠান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37Rs0NX
via IFTTT
Comments
Post a Comment