চিয়া গীতেৰে মুখৰিত মঙলদৈ বেগা নৈৰ পাৰঃ শিল্পী ভদ্ৰকান্ত নাথৰ পৰিচালনাত “এমুঠি চিয়া গীত”ৰ শ্ৰব্য সঁফুৰা উন্মোচন…

ডিজিটেল সংবাদ, মঙলদৈঃ ‘চিয়া গীত, নাঙেলী গীত, দেওধনী নৃত্য, কালিয়া, ঢেপা ঢুলীয়া, ওজাপালি আদি দৰঙৰ এক নিজা সম্পদ। এই স্বকীয় লোক কলা কৃষ্টিৰে দৰং উজ্জীৱিত হৈ আছে আৰু ভবিষ্যতেও উজ্জীৱিত হৈ থাকিব। কিয়নো বৰ্তমান দৰঙৰ নৱপ্ৰজন্ম শিপাৰ সন্ধান দিব পৰা এই সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ পৰা পৰিলক্ষিত হৈছে’- এই ভাষ্য দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাৰ।
আজন্ম শিল্পী ভদ্ৰকান্ত নাথৰ পৰিচালনা, শিল্পী খনিন্দ্ৰ বড়া আৰু পুষ্প হাজৰিকাৰ সংগীত আৰু শিল্পী প্ৰাঞ্জল শৰ্মাৰ সামগ্ৰিক পৰিকল্পনাত ছয়টা বছা বছা চিয়াগীত সন্নিৱিষ্ট কৰি প্ৰস্তুত কৰা শ্ৰাব্য সঁফুৰা ‘এমুঠি চিয়া গীত’ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়।
মঙলদৈ য়ুথ ক্লাব সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে বিয়লি ৩ বজাত হোৱা এই অনুষ্ঠানত বাদ্যযন্ত্ৰী পুষ্প হাজৰিকা, খনিন্দ্ৰ বড়া, উপেন চহৰীয়াৰ সহযোগত শিল্পী ভদ্ৰকান্ত নাথ, হিৰণ্যপ্ৰভা নাথ, প্ৰাঞ্জল শৰ্মা, অনিমা চহৰীয়া; দুষ্মন্ত নাথ আৰু ধনমণি শইকীয়াই কণ্ঠদান কৰা ‘ৰৈমণী পুৰতে শুকুৰাই ডাকয় বাজে অষ্টমণি ধ্বনি; ভকতিৰ উজ্বল মোৰ মেৰু মোৰ বান্ধৱ; গুৰুজনা আইছি কি লৈ মই আদৰিম; চৈৰাংগৰ বালিতে ৰৈ; জ্বলে উপজিলা অ’ স্বামী আৰু আদি নিৰঞ্জনে অনাদি স্বৰূপে—‘ এই ছয়টা গীতৰ শ্ৰব্য সঁফুৰা খন মঙলদৈ য়ুথ ক্লাব সংগীত মহাবিদ্যালয়ৰ সভাপতি ৰাজীৱ কুমাৰ ডেকা, সম্পাদক ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, সাংবাদিক গণেশ দত্ত, সু চিকিৎসক ডাঃ কমলেশ্বৰ নাথ, সমাজকৰ্মী গোবিন্দ উপাধ্যায়, ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ ৰফিক আহমেদ, বিশিষ্ট শিল্পী দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা আৰু শিল্পী সকলৰ সহযোগত বিশিষ্ট সাহিত্যিক, সাংবাদিক, শিক্ষাবিদ ডঃ নগেন্দ্ৰনাথ শৰ্মা আৰু অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই উন্মোচন কৰে।
অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত উন্মোচক ডঃ নগেন্দ্ৰনাথ শৰ্মাই কয়, দৰঙৰ বৰখেলীয়া ভকত বৈষ্ণৱ সকলে উপাস্য পূৰ্বজ সকলক স্মৰণ কৰি মুলত দৰঙী ভাষাত ভক্তি ৰসেৰে পৰিপূৰ্ণ এই গীত পৰিবেশন কৰি আহিছে। এনে গীতৰ চৰ্চা অব্যাহত ৰাখিবলৈ তেওঁ সকলোকে আহ্বান জনায়।
শিল্পী ভদ্ৰকান্ত নাথে নিজৰ ভাষণত কয়, চিয়াগীত সমূহৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে দুৰ্গেশ্বৰ নাথ ওজাই ১৯৮৪ চনত প্ৰথম ৪২ টা চিয়াগীত একত্ৰিত কৰি পুস্তিকা আকাৰে প্ৰকাশ কৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰয়ো চিয়াগীতক মান্যতা প্ৰদান কৰি নিয়মীয়াকৈ প্ৰচাৰ কৰি আহিছে।
হিৰণ্যপ্ৰভা নাথ, গজেন ডেকা, দীপশিখা নাথ, তিলোত্তমা ডেকা, আদিত্য নাথ, বিহুৰাম কলিতা অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত চিয়াগীতৰ শিল্পী বুলি উল্লেখ কৰি তেওঁ লোক সংস্কৃতিৰ জৰিয়তে বিশ্বৰ বুকুত এক সুকীয়া আসন পাব পাৰো বুলি কয়। বাদ্যযন্ত্ৰী অলকেশ ভৰদ্বাজৰ সহযোগত শিল্পী ৰিন্টিমণি ডেকাৰ পৰিচালনাত য়ুথ ক্লাব সংগীত মহাবিদ্যালয়ৰ শিল্পী সকলে ‘অ’ শ্যাম বিনন—‘ শীৰ্ষক চিয়াগীতটিৰ লগতে অন্যান্য শিল্পী সকলেও কেইবাটাও চিয়াগীত পৰিবেশন কৰি মঙলদৈ বেগানৈৰ পাৰ মুখৰিত কৰি তোলে। এই অনুষ্ঠানত শিল্পী ভানু ডেকা চহৰীয়া, টুটু হাজৰিকা, সমাজকৰ্মী বিষ্ণুৰাম ডেকা, শিক্ষয়িত্ৰী পাপৰি শইকীয়াকে ধৰি শতাধিক সংগীতানুৰাগী উপস্থিত থাকে।
The post চিয়া গীতেৰে মুখৰিত মঙলদৈ বেগা নৈৰ পাৰঃ শিল্পী ভদ্ৰকান্ত নাথৰ পৰিচালনাত “এমুঠি চিয়া গীত”ৰ শ্ৰব্য সঁফুৰা উন্মোচন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31lVDVs
via IFTTT
Comments
Post a Comment