ৰহাৰ কটহগুৰিত উখল-মাখল পৰিৱেশঃ স্বৰ্গীয় পঞ্চাৰাম ডেকা ক্ষেত্ৰত আৰম্ভ হ’ল ঐতিহাসিক তিৱা ৰাজ দৰবাৰ…

ডিজিটেল সংবাদ, ৰহাঃ অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ অন্যতম জনগোষ্টী তিৱা সকলৰ ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনখনি শনিবাৰে উলহ-মালহেৰে ৰহাত আৰম্ভ হয়। ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত কটহগুৰি স্বৰ্গীয় পঞ্চাৰাম ডেকা সোঁৱৰণী ক্ষেত্ৰত ১ আৰু ২ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ আৰম্ভ হোৱা ৰাজদৰবাৰৰ প্ৰথম দিনাই সৃষ্টি হয় উখল-মাখল পৰিবেশ।
ইয়াকেলৈ আদৰণি সমিতিৰ লগতে ব্যস্তহৈ পৰিছে আন আন উপসমিতি সমূহো। কাৰ্যসূচী অনুসৰি পুৱা অভ্যৰ্থনা সমিতিৰ সভাপতি দীন কোঁৱৰে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা পাছত পতাকা উত্তোলন কৰে ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ সভাপতি জুৰচিং বৰদলৈয়ে। ইয়াৰ লগতে শ্বহীদ তৰ্পন কৰে কাৰ্যকৰী সভাপতি মনোজ বৰাই আৰু স্মৃতি তৰ্পণ কৰে সৰাৰজা গমন দেওৰজাই।
ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাঙ্কন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু তিৱা ভাষাৰ কবিতা আবৃতি। গমন ৰজাৰ সৰাৰাজ্যত আয়োজিত এই ৰাজদৰবাৰ অন্যান্য কাৰ্যসূচী চলি থকাৰ মাজতেই আগমণ ঘটে মধ্যঅসমৰ ১৮ জনকৈ তিৱা ৰজা। উক্ত তিৱা ৰজাৰ দলটোক প্ৰায় এক কিল’মিটাৰ দূৰৰ পৰা তিৱা লোককৃষ্টিৰ তিৱা নৃত্যৰে আদৰি নিয়ে ৰাজদৰবাৰ অধিবেশন স্থলীলৈ।
এই তিৱা ৰাজদৰবালৈ গোভা ৰাজ্যৰ ৰজা দ্বীপসিং দেওৰজা, কুমৈ কছাৰী গঞাৰাজ্যৰ ভোগেশ্বৰ দেওৰজা; খাহীগড় ৰাজ্যৰ অৰূপ দেওৰজা; শুখনাগোগ ৰাজ্যৰ অদিত দেওৰজা; কুমৈ ৰাজ্যৰ চুচেন দেওৰজা, চহৰী ৰাজ্যৰ চুৰেন দেওৰজা; নেলী ৰাজ্যৰ ৰামচিং দেওৰজা; বঘৰা ৰাজ্যৰ তুলসী দেওৰজা; শিলচাং ৰাজ্যৰ সুমঙ্গল দেওৰজা; ডমাল ৰাজ্যৰ ঋতুচিং দেওৰজা; পূব উত্তৰখোলা ৰাজ্যৰ নয়নমণি দেওৰজা ; তেতলীয়া ৰাজ্যৰ মুনিৰাম দেওৰজা; ঘগুৱা ৰাজ্যৰ মুকুল দেওৰজা; মায়ং ৰাজ্যৰ তাৰিণীকান্ত ৰজা; তৰাণী ৰাজ্যৰ নন্দেশ্বৰ দেওৰজা; পশ্চিম নগাঁও ৰাজ্যৰ ভদ্ৰসিং দেওৰজা, ডিমৰীয়া ৰাজ্যৰ হলিচিং দেওৰজা আৰু সৰাৰাজ্যৰ গমণ দেওৰজা উপস্থিত হয়।
তিৱা ৰজাসকল উপস্থিত হোৱাৰ পাছতেই আৰম্ভ হয় প্ৰতিনিধি শিবিৰ মুকলি আৰু প্ৰতিনিধি সভা। কাৰ্যসূচী অনুসৰি এই কাৰ্যসূচীৰ পাছতেই তিৱা সাংস্কৃতিক বিকাশ অনুষ্ঠানৰ লগতে আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে গোভাৰাজ্যৰ ৰজা দীপসিং দেওৰজাই। ইয়াৰ পাছতেই ২ ফেব্ৰুৱাৰীৰ পুৱা বৰ্ণাঢ্য শোভাযাত্ৰাৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন , মুকলি সভা আৰু নিশালৈ অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান।
The post ৰহাৰ কটহগুৰিত উখল-মাখল পৰিৱেশঃ স্বৰ্গীয় পঞ্চাৰাম ডেকা ক্ষেত্ৰত আৰম্ভ হ’ল ঐতিহাসিক তিৱা ৰাজ দৰবাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2S8HVkA
via IFTTT
Comments
Post a Comment