মঙলদৈ ইণ্ডাষ্ট্ৰী চ’কত ট্ৰাকৰ খুন্দাত নিহত স্কুটি আৰোহী, আহত এজন

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ ইণ্ডাষ্ট্ৰী চ’কত দেওবাৰে ১২ চকীয়া ট্ৰাকৰ খুন্দাত নিহত হয় এজন স্কুটি আৰোহী আৰু আন এজন গুৰুতৰভাৱে আহত হয়৷ নিহত যুৱক জন বিশ্বজিৎ মৈত্ৰী (২৭) কলিকতাৰ পূৰ্ব মেডিনিপুৰ জিলাৰ আলিনাগৰ বুলি জানিব পৰা গৈছে৷ আনহাতে গুৰুতৰ ভাৱে আহত ধনমনি ডেকা চিপাঝাৰ থানাৰ অন্তৰ্গত বুঢ়া গাঁৱৰ মহেন্দ্ৰ ডেকাৰ পুত্ৰ বুলি জানিব পৰা গৈছে।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ৮-০০ বজাত গুৱাহাটী অভিমুখী ১২ চকীয়া ট্ৰাকত (পঞ্জীয়ন নং এএছ-০১-কেচি-৫৩২৪) প্ৰচণ্ড যোৰত খুন্দিয়াই থিতাতে নিহত হয় বিশ্বজিৎ মৈত্ৰী। গুৰুতৰ ভাৱে আহত ধনমনি ডেকাক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷
The post মঙলদৈ ইণ্ডাষ্ট্ৰী চ’কত ট্ৰাকৰ খুন্দাত নিহত স্কুটি আৰোহী, আহত এজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36T9uUj
via IFTTT
Comments
Post a Comment