মাজত মাত্ৰ ২ দিনঃ দিহিঙীয়া মহুৰা পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন প্ৰস্তুতি…VIDEO

ডিজিটেল সংবাদ, নুমলীগড়ঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনলৈ মাজত মাত্ৰ কেইটামান ২ দিন বাকী ৷ এতিয়া খুমটাইৰ সমীপৱৰ্তী কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন প্ৰস্তুতি ৷ ৫ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ হ’ব লগা অধিবেশনখনিত লক্ষ লক্ষ ভকতপ্ৰাণ বৈষ্ণৱক আদৰিবলৈ সাজু গোলাঘাটবাসী ৷
৮৯ সংখ্যক অধিবেশনৰ ধৰ্মধ্বজা উত্তোলনৰস্থলীয়ে আকৰ্ষিত কৰিব প্ৰতিজন ভকত-বৈষ্ণৱক ৷ পতাকা বেদীত এইদৰে দিন ৰাতি একাকাৰ কৰি শিল্পীসকলে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে ৷ সাত খলপীয়াকৈ নিৰ্মাণ কৰা বেদীটো পানীৰ মাজত ওপঙি থকা পদুম ফুলৰ আকৃতিৰ ৰূপ দিছে শিল্পীসকলে ৷
সৌন্দৰ্যবৰ্ধনৰ বাবে ফুলেৰে জাতিষ্কাৰ কৰি তুলিছে ধৰ্মধ্বজা উত্তোলনৰ থলী ৷ কেইবাজনো শিল্পীয়ে দিনে ৰাতিয়ে নিৰ্মাণ কাৰ্যত ব্যস্ত থাকি বৰ্তমানলৈকে পতাকা বেদীৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ কথা জানিবলৈ দিয়ে ৷
৮৯ সংখ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনত এই আটকধুনীয়াকৈ নিৰ্মাণ কৰি থকা পতাকা বেদীটোৱে সকলোৰে দৃষ্টি কঢ়াৰ লগতে এতিয়াৰ পৰা ভিৰ কৰিছেহি লোকসকলে । গোলাঘাট মুছলিম সমাজৰ লোকসকলে নগদ ৫১ হাজাৰ টকা অনুদান আগবঢ়ায় অধিৱেশনখনলৈ । তেওঁলোকে অধিৱেশনখনিৰ সফল হোৱাৰ বাবে আল্লাৰ ওচৰত দোৱা কৰিছে বুলিও জানিবলৈ দিয়ে।
The post মাজত মাত্ৰ ২ দিনঃ দিহিঙীয়া মহুৰা পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন প্ৰস্তুতি…VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37WnSMY
via IFTTT
Comments
Post a Comment