মহামাৰী কোৰোনা আৰু বেদনাগধুৰ এগৰাকী অশীতিপৰ ঢুলীয়া ওজা…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : এগৰাকী অশীতিপৰ ঢুলীয়া ওজা । নাম চন্দ্ৰ বৰা । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী বিষ্ণুপুৰ গাঁৱৰ এইগৰাকী ঢুলীয়া শিল্পীৰ মন এতিয়া বেদনাগধুৰ ৷ ঢোল বজাই ভালপোৱা চন্দ্ৰ ওজাই ডেকা অৱস্থাতে আকৃষ্ট হৈছিল ঢোলৰ প্ৰতি ৷ সেই সময়ৰ স্থানীয় হমৰা গাঁৱৰ ভোমোৰা ওজাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত বিয়া-সবাহৰ পৰা আৰম্ভ কৰি বিহুৰ অনুষ্ঠানলৈকে সকলোতে ঢোল বজাই পৰিনত হৈছিল ওজালৈ ৷

সম্প্ৰতি চন্দ্ৰ ওজা নামেৰে পৰিচিত শিল্পীগৰাকীয়ে লখিমপুৰ জিলাখনৰ বিভিন্ন স্থানত ঢোলৰ প্ৰশিক্ষণ প্ৰদান কৰি তিনি শতাধিক যুৱক যুৱতীক ওজা ৰুপে স্বীকৃতি প্ৰদান কৰাৰ লগতে ঢোল বাদ্যৰ প্ৰতি নৱপ্ৰজন্মক পৰিচয় কৰোৱাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে ৷ বয়সেও বাধা দিব নোৱাৰা চন্দ্ৰ ওজাৰ ঢোলৰ চাপৰত আজিও ৰজনজনাই চৌদিশ ৷ ঢোল এৰি থাকিব নোৱাৰা এই গৰাকী ঢুলীয়া শিল্পীৰ ঢোল দুবছৰে নিমাত ৷

কৰোনা মহামাৰিৰ বাবে বিগত বহাগ বিহুত এটাও চাপৰ মাৰিব নোৱাৰা চন্দ্ৰ ওজাই এইবাৰ বহাগতো কোনো স্থানতে ঢোলত চাপৰ দিবলৈ সুবিধা লাভ নকৰিলে ৷ জীৱনৰ প্ৰধান নিচা আৰু পেছাৰ পৰা দুৰৈত থাকি সম্প্ৰতি বেদনাগধুৰ হৈ পৰিছে চন্দ্ৰ ওজা ৷ শেহতীয়াকৈ চন্দ্ৰ ওজাৰ বেদনাগধুৰ মনটো বুজি তেখেতক সহায়ৰ বাবে আগবাঢ়ি আহিছে স্থানীয় জয়পুৰ-পিচলা মনস্কামনাপূৰ্ণ শিৱ মন্দিৰৰ বাবা ৰঞ্জনগিৰি আৰু সমাজকৰ্মী জীৱন দত্ত আৰু মুকুল হাজৰিকা ৷

শিল্পী গৰাকীক মন্দিৰ প্ৰাঙ্গনলৈ মতাই আনি ওজা-পালি প্ৰদৰ্শনৰ সুবিধা প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয় ৷ জীৱনত ওজাপালি প্ৰদৰ্শন কৰি বহু সন্মান বুটলিবলৈ সক্ষম হোৱা চন্দ্ৰ ওজাই জীৱনৰ বিয়লি বেলাত সাম্প্ৰতিক পৰিস্থিতিয়ে বেদনাগধুৰ কৰা পৰিৱেশত সন্মান লাভ কৰি অভিভুত হৈ পৰাৰ লগতে ওজা প্ৰদৰ্শন কৰিবলৈ পাই উৎফুল্লিত হৈ পৰে ৷ উল্লেখ্য যে চন্দ্ৰ ওজাই আজিকোপতি লাভ নকৰিলে চৰকাৰৰ শিল্পী পেঞ্চনৰ সুবিধা ৷

আনহাতে বিগত দুটা বহাগত ঢোলৰ চাপৰ মাৰিব নোৱাৰি ঘৰতে বহি থকাৰ সময়তো চৰকাৰৰ কোনো আচঁনিয়ে স্পৰ্শ কৰিব নোৱাৰিলে শিল্পী গৰাকীক ৷ সম্প্ৰতি দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে চন্দ্ৰ ওজাই ৷ গ্ৰামাঞ্চলত চন্দ্ৰ ওজাৰ দৰে বহু প্ৰতিভাধৰ শিল্পীয়ে কৰোনা সৃষ্ট পৰিস্থিতিত ঘৰতে আৱদ্ধ হৈ পৰিয়াল পোহ দিয়াৰ আন এক জটিল সংগ্ৰাম কৰিব লগা হৈছে ৷ শিল্পী পেঞ্চনৰ যোগ্য এইসকল লোকক চৰকাৰে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰা হ’লে বৰ্তমানৰ জটিল পৰিস্থিতিত জীৱন অতিবাহিত কৰাটো সহজ হোৱাৰ সম্ভাৱনা আছিল ৷৷

The post মহামাৰী কোৰোনা আৰু বেদনাগধুৰ এগৰাকী অশীতিপৰ ঢুলীয়া ওজা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gLx7qa
via IFTTT

Comments