ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্য সচিব জিষ্ণু বৰুৱা! ৰাইজক কোভিড বিধি মানি চলাৰ আহ্বান
ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ শংকিত মুখ্য সচিব জিষ্ণু বৰুৱা। দেওবাৰে হাফলঙত ক’ভিড সন্দৰ্ভত বৈঠক সামৰি ৰাইজক সজাগ, সতৰ্ক আৰু সাৱধানেৰে পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ আহ্বান জনায় ৰাজ্যখনৰ মুখ্য সচিব গৰাকীয়ে।
দেওবাৰে ডিমা হাছাও জিলাৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ হাফলঙত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা। সাপ্তাহিক ছুটিৰ দিনাই হাফলং আৱৰ্ত ভৱনত তেওঁ জিলা প্ৰশাসন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি আৰু জিলা স্বাস্থ্য বিভাগৰ মুৰব্বী সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত জিলাৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত বৈঠকত আলোচনা হয়।
বৈঠকত জিলা উপায়ুক্ত পল বৰুৱা, আৰক্ষী অধীক্ষক জয়ন্ত সিং,অতিৰিক্ত জিলা উপায়ুক্ত ৰাজীৱ ৰয়,পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ সচিব টি টি দাউলাগুপু, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দিপালী বৰ্মণ আদি বিষয়ববীয়া সকল উপস্থিত থাকে।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য সচিব জিষ্ণু বৰুৱায় কয় যে ক’ভিড পৰিস্থিতি বুজ লোৱাৰ কাৰণে ইয়ালৈ আহিছো। এই সন্দৰ্ভত এক বৈঠক আছিল।
তেওঁ কয় যে বৰ্তমান অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও অহা এক সপ্তাহ-দহ দিনত পৰিস্থিতি কোন ফালে গতি কৰে কোৱা টান। যাৰ বাবে আমি সজাগ আৰু সাৱধান হোৱাৰ উপৰি চৰকাৰী গাইড লাইন মানি চলিব লাগিব। অন্যথা পৰিস্থিতি কি হ’ব কোনেও ক’ব নোৱাৰে। কিয়নো পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিলে তেতিয়া কৰাৰ একো উপায় নাথাকিব।
তেওঁ লগতে কয় যে পাহাৰীয়া ডিমা হাছাও জিলাৰ ভিতৰুৱা অঞ্চলত থকা কিছুমান গাঁও আছে তাত যদি ক’ভিড বিয়পি পৰে তেতিয়া হ’লে অধিক সমস্যা হ’ব। যাৰ বাবে ৰাইজে সজাগ আৰু সাৱধানতাৰে পৰিস্থিতিৰ সৈতে যুঁজিব লাগিব।
এক প্ৰশ্নৰ উত্তৰত মুখ্য সচিব গৰাকীয়ে কয় যে এই মুহূৰ্তত অসমত নাইট কাৰফিউ দিয়াৰ তেনে পৰিকল্পনা নাই। কিন্তু দোকান-পোহাৰ, ব্যবসায়ী প্ৰতিষ্ঠান সন্ধিয়া ৬ বজাৰ লগে লগে বন্ধ কৰিব লাগে। অবশ্যে এই ক্ষেত্ৰত ৰাইজে দোকান-পোহাৰ ব্যবসায়ী প্ৰতিষ্ঠান বন্ধ ৰাখিছে।
ডিমা হাছাওৰ ব্যবসায়ীসকলক সন্ধিয়া ৬বজাত দোকান-পোহাৰ, ব্যবসায়ী প্ৰতিষ্ঠান বন্ধ ৰখাৰ বাবে আহ্বান জনায়। নহ’লে সমস্যা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। কিয়নো পৰিস্থিতি যদি নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায় তেতিয়া হ’লে কোনেও ৰক্ষা কৰিব নোৱাৰিব।
তেওঁ দিল্লী, মুম্বাইৰ ভয়াবহ পৰিস্থিতিৰ কথা দাঙি ধৰি কয় যে ডিমা হাছাও জিলাৰ নিচিনা ২.৪৭ লাখ জনসংখ্যাৰ পাহাৰীয়া ভূমিত যদি ক’ভিড বিয়পি পৰে তেতিয়া হ’লে চিকিৎসা দিয়া অসম্ভৱ হৈ পৰিব। এতিয়া হাফলং চিভিল হাস্পাতালত ৬৮খন বিছনা আছে। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিলে কি হ’ব? গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল বা শিলচৰত বিছনাৰ অভাৱ হৈছে। তেওঁ সকলোকে ক’ভিড বিধি পালন কৰাৰ আহ্বান জনায়।
The post ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্য সচিব জিষ্ণু বৰুৱা! ৰাইজক কোভিড বিধি মানি চলাৰ আহ্বান appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2QvZrSW
via IFTTT
Comments
Post a Comment