শ্রীৰামপুৰৰ পৰিৱর্তে গন্তব্য স্থানৰ পার্কিঙতহে হ’ব ট্রাকচালক ক’ভিড টেষ্ট; ঔষধ–খাদ্যৰ নাটনি হোৱাৰ আশংকাতে চৰকাৰৰ এই পদক্ষেপ
গুৱাহাটীঃ স্থলপথেৰে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক অসম–পশ্চিমবংগ সীমান্তৰ শ্রীৰামপুৰতে কালিৰে পৰা ক’ভিড টেষ্টৰ ব্যৱস্থা কৰিছে যদিও ট্রাকচালকসকলক উক্ত স্থানত ক’ভিড টেষ্ট কৰা হোৱা নাই৷ ফলত দেশৰ বিভিন্ন প্রান্তৰ পৰা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ অহা ট্রাকসমূহ বিনাবাধাই শ্রীৰামপুৰ সীমান্ত অতিক্রম কৰিবলৈ সক্ষম হৈছে৷
এই সর্ম্পকত গুৱাহাটীত সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বহিঃৰাজ্যৰ পৰা অহা ট্রাকচালকসকলৰ ক’ভিড টেষ্ট শ্রীৰামপুৰৰ পৰিৱর্তে গন্তব্য স্থানৰ পার্কিঙত কৰাৰ ব্যৱস্থা কৰিছে৷ মূলতঃ শ্রীৰামপুৰত ট্রাকচালকসকলৰ ক’ভিড টেষ্ট কৰিলে যদিহে কাৰোবাৰ পজিটিভ ওলায়, তেতিয়াহ’লে ঔষধকে ধৰি খাদ্য সামগ্রী কঢ়িয়াই অনা ট্রাকসমূহ সেই স্থানতে আবদ্ধ হৈ পৰিব৷ ফলত ৰাজ্যখনত ঔষধ, খাদ্য–সামগ্রীৰ গভীৰ সংকটে দেখা দিব৷
সেয়ে চৰকাৰে শ্রীৰামপুৰৰ পৰিৱর্তে গন্তব্য স্থানৰ পার্কিঙত ট্রাকসমূহ উপস্থিত হোৱাৰ লগে লগে সেই স্থানতেই ট্রাকচালকসকলৰ ক’ভিড টেষ্টৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ঔষধকে ধৰি খাদ্য–সামগ্রীৰ সংকটে যাতে দেখা নিদিয়ে তাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷
The post শ্রীৰামপুৰৰ পৰিৱর্তে গন্তব্য স্থানৰ পার্কিঙতহে হ’ব ট্রাকচালক ক’ভিড টেষ্ট; ঔষধ–খাদ্যৰ নাটনি হোৱাৰ আশংকাতে চৰকাৰৰ এই পদক্ষেপ appeared first on News Live TV.
from News Live TV https://ift.tt/2RSXd06
via IFTTT
Comments
Post a Comment