কোৰোনা কালত অপ্ৰাসংগিক নেকি আন দুৰাৰোগ্যৰ চিকিৎসা…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: এগৰাকী দৰিদ্ৰ মহিলা । নাম কল্পনা শইকীয়া । মহামাৰী ক’ৰোনাৰ দ্ৰুত সংক্ৰমনৰ মাজতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত বিগত এমাহ ধৰি নিজ ঘৰৰ বিছনাত চতফতাই আছে দুৰ্ভগীয়া মহিলা গৰাকীয়ে ।

ইতিমধ্যে স্থানীয় চিকিৎসালয়ৰ উপৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিও কোনো সুফল লাভ নকৰিলে মহিলা গৰাকীয়ে । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পানবাৰী গাঁও পঞ্চায়ত এলেকাৰ ১ নং টেঙাপথাৰ গাঁৱৰ এই মহিলা গৰাকীৰ চিকিৎসাৰ বাবে চৌদিশে হাহাকাৰ দেখিছে স্বামী বিপুল শইকীয়াই ।

এটা জৰাজীৰ্ণ জুপুৰিত বসবাস কৰা পৰিয়ালটোৰ ঘৰৰ ভেঁটিটোৰ বাদে কেওকিছু নাই । আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা স্বামী বিপুল শইকীয়াও সম্প্ৰতি অসুস্থ । ইফালে মহামাৰী ক’ৰোনাৰ বাবে ক্ৰমে অপ্ৰাসংগিক হৈ পৰিছে আন ৰোগী সকলৰ চিকিৎসা ।

ফলত চিকিৎসা অবিহনে নিজ গৃহৰ বিছনাত চতফতাই থাকিব লগা হৈছে মহিলা গৰাকীয়ে । আনহাতে দুৰ্ভগীয়া পৰিয়ালটোৱে অন্যান্য সা-সুবিধাৰ উপৰি আজিকোপতি লাভ নকৰিলে এটা চৰকাৰী আৱাস গৃহৰ সুবিধা । অৱশেষত দুৰ্ভগীয়া স্বামী বিপুলে চিকিৎসাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা কোনো হৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে ।

আপুনি যদি দুৰ্ভগীয়া মহিলা গৰাকীৰ চিকিৎসাৰ বাবে পৰিয়ালটোক কিঞ্চিত সহায় কৰিব বিছাৰে তেন্তে-7637964514 ফোন নম্বৰত যোগাযোগ কৰাৰ উপৰি ষ্টেট বেংকৰ নাৰায়ণপুৰ শাখাত কল্পনা শইকীয়াৰ নামত থকা A/C-No-36498499151 আৰু IFSC-SBIN0017208 ত ধন জমা কৰিব পাৰিব ।

The post কোৰোনা কালত অপ্ৰাসংগিক নেকি আন দুৰাৰোগ্যৰ চিকিৎসা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32Iws0N
via IFTTT

Comments