এনে জঘণ্য ঘটনা অসমৰ মানুহে কোনো কাৰণতে সহ্য নকৰে; বনকৰা কিশোৰীৰ হত্যা প্ৰসংগত আছুৰ সভাপতি
দুধনৈত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে দেওবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে ৷ যোৱা ২২ এপ্ৰিল তাৰিখে নগাঁও জিলাৰ ৰহাৰ খাইগড়ত এগৰাকী তেৰ বছৰীয়া কিশোৰীৰ ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু সভাপতি গৰাকীয়ে ৷
আছুৰ সভাপতি গৰাকীয়ে ৰহাৰ প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালত বনকৰা হিচাবে থকাপশ্চিম কাৰ্বি আংলং জিলাৰ কুদাম ৰাংহাং গাঁৱৰ চুমিলা ৰাংহাংপি নামৰ কিশোৰী গৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়ে ৷
তেওঁ লগতে উক্ত ঘটনা সম্পৰ্কত জৰিত থকা লোকক কৰায়ত্ত কৰি “ফাষ্ট ট্ৰেক আদালত”ৰ জৰিয়তে বিচাৰ কৰি দোষীক দৃষ্টান্তমুলক শাস্তি প্ৰদানৰ দাবী জনায়৷
দীপাংক নাথে কয়, “যি ঘটনাই সমগ্ৰ অসমবাসীকে লজ্জানত কৰিছে, অসমৰ সমাজ ব্যৱস্থাত এনে জঘণ্য ঘটনা অসমৰ মানুহে কোনো কাৰণতে সহ্য নকৰে, দুৰ্ভগীয়া কিশোৰী গৰাকীক হত্যা কৰি অগ্নিদগ্ধ কৰা ঘটনাৰ বিচাৰ লাগে।‘’
তেওঁ লগতে কয়, ‘’এই ঘটনাৰ লগত জৰিত লোক সকলক আটক কৰিছে যদিও দোষীৰ শাস্তি কি হ’ব কোনো কথা স্পষ্ট হোৱা নাই, আছুৰ দাবী ফাষ্ট ট্ৰেক আদালতl এই বিচাৰ হ’ব লাগে, অসমৰ সমাজ ব্যৱস্থাত এনে ঘটনা কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়, অসমৰ মানসপটত ই এক ক’লা অধ্যায় হিচাবে থাকি যাব ৷”
দুধনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলখনত কোভিডৰ ভয়াৱহতাৰ বাবে চৰকাৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বৰ্তমানলৈকে ফলপ্ৰসূ সিদ্ধান্ত লব নোৱাৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সভিপতি গৰাকীয়ে ৷
তেওঁ চৰকাৰক পূৰ্বৰ পৰীক্ষাৰ নিয়মৰ আৰু কেন্দ্ৰ সমূহৰ পৰিৱৰ্তে কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ে বিদ্যালয়ে এইবাৰ শৈক্ষিক মূল্যায়নৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে ৷
পৰীক্ষালৈ যিহেতু বেছি দিন নাই গতিকে ছাত্ৰ-ছাত্ৰী সকল ক’ৰোনাত আক্ৰান্ত নোহোৱাকৈ, শিক্ষা বৰ্ষ নষ্ট নোহোৱাকৈ পৰীক্ষা পাতিবলৈ ছেবা, উচ্চতৰ মাধ্যমিক পৰিষদ আৰু চৰকাৰক দাবী জনায় ৷
আনহাতে, কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে যাতে ভেক্সিন পৰ্যাপ্ত কৰে তাৰ বাবে দাবী উত্থাপন কৰে ৷ লগতে সকলো স্তৰৰ লোককে ভেক্সিন গ্ৰহণ কৰি কোভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈ অনুৰোধ জনায় ৷
তেওঁ লগতে উল্লেখ কৰে যে ভেকচিন দিয়া কেন্দ্ৰৰ সংখ্যা বঢ়াব লাগে যাতে ৰাইজে অতি সহজে এই ভেকচিন লাভ কৰিব পাৰে ৷
The post এনে জঘণ্য ঘটনা অসমৰ মানুহে কোনো কাৰণতে সহ্য নকৰে; বনকৰা কিশোৰীৰ হত্যা প্ৰসংগত আছুৰ সভাপতি appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3aEwefp
via IFTTT
Comments
Post a Comment