১৮–৪৫ বয়সৰ লোকক ভেকচিনঃ ২৮ এপ্রিলত এপ মুকলি কৰিব কেন্দ্রীয় চৰকাৰে
গুৱাহাটীঃ কেন্দ্রীয় চৰকাৰে অহা এক মে’ৰ পৰা ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকক ক’ভিড ভেকচিন প্রদানৰ যি ঘোষণা কৰিছে, তাৰ বাবে নাম পঞ্জীয়নৰ এপ অহা ২৮ এপ্রিলত মুকলি কৰিব৷
শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ মন্ত্রী ড০ শর্মাই কয় যে আজি এই সম্পর্কত ভাৰত চৰকাৰে নির্দেশনা দিব৷ তাৰ পিছত সেই এপত ভেকচিন লোৱাৰ বাবে নাম পঞ্জীয়নৰ পিছত ভাৰত চৰকাৰে কোন ৰাজ্যক কিমান ভেকচিন আবণ্টন দিব পঞ্জীয়নৰ সংখ্যা অনুসৰি স্থিৰ কৰিব৷ তাৰ পিছতহে ৰাজ্য চৰকাৰসমূহে ভেকচিন ক্রয় কৰিব পাৰিব৷
অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে চিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেকৰ পৰা দুই কোটি ভেকচিন ক্রয়ৰ বাবে অর্ডাৰ দিছে৷ মন্ত্রী ড০ শর্মাই ভাৰত চৰকাৰে কিমানসংখ্যক ভেকচিন ক্রয়ৰ বাবে ৰাজ্য চৰকাৰক অনুমোদন দিয়ে তাৰ ওপৰতহে ক’ব পৰা যাব অসমত ১৮ৰ পৰা ৪৫ বয়সৰ কিমানসংখ্যক লোকে ভেকচিন লাভ কৰিব৷ তদুপৰি অহা ১ মে’ৰ পৰা ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হোৱাৰ তেওঁ আশা কৰা নাই বুলি মন্তব্য কৰে৷
আনহাতে, চৰকাৰে এতিয়াৰে পৰা ক’ভিড ভেকচিন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক নিদিয়ে বুলি জানিবলৈ দি কয় যে ব্যক্তিগত খণ্ডৰ হাস্পতালে এতিয়াৰে পৰা ভাৰত চৰকাৰৰ পৰা পোনে পোনে ভেকচিন ক্রয় কৰিব লাগিব৷ তাৰ বাবে তেওঁলোকক প্রতিটো ভেকচিনৰ মূল্য ৬০০ টকা নির্ধাৰণ কৰি দিছে৷ চৰকাৰী হাস্পতালে প্রতিটো ভেকচিন ৪০০ টকা দৰত ক্রয় কৰি সম্পূর্ণ বিনামূলীয়াকৈ প্রদান কৰিব৷ অৱশ্যে ইতিমধ্যে যিসকল লোকক প্রাইভেট হাস্পতালত প্রথম ড’জ ভেকচিন দিছে, সেইসকলক দ্বিতীয় ড’জ ভেকচিনো প্রাইভেট হাস্পতালত দিয়াৰ ব্যৱস্থা কৰিব
The post ১৮–৪৫ বয়সৰ লোকক ভেকচিনঃ ২৮ এপ্রিলত এপ মুকলি কৰিব কেন্দ্রীয় চৰকাৰে appeared first on News Live TV.
from News Live TV https://ift.tt/3xjuNg6
via IFTTT
Comments
Post a Comment