নগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত ৬৮খন অক্সিজেনযুক্ত বিচনা উদ্বোধন স্বাস্থ্যমন্ত্ৰীৰ
বৰ্তমানৰ ক’ভিড পৰিস্থিতিত নগাঁও জিলাবাসী ৰাইজৰ সুবিধা হোৱাকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নতুনকৈ সংযোজিত হ’ল অক্সিজেনযুক্ত বিচনাৰ সুবিধা।
জিলাখনৰ মুখ্য চিকিৎসালয়খনৰ ক’ভিড ৱাৰ্ডত পাইপলাইনৰ দ্বাৰা অক্সিজেনৰ ব্যৱস্থা সংলগ্ন ৬৮খন বিচনা শণিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই।
নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন আৰু যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ উপস্থিতিত মন্ত্ৰী মহন্তই এই পাইপলাইনযুক্ত অক্সিজেনৰ সুবিধা সম্বলিত বিচনাসমূহ ক’ভিড আক্ৰান্তৰ সেৱাত উচৰ্গা কৰে।
উল্লেখ্য যে, স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈ যোৱা ১৫ মে’ত এই অসামৰিক চিকিৎসালয়খন প্ৰথমবাৰলৈ পৰিদৰ্শনকালতে বিভাগীয় মন্ত্ৰী মহন্তই ক’ভিড ৱাৰ্ডটোত পৰ্যাপ্তসংখ্যক অক্সিজেনযুক্ত বিচনাৰ সেৱা মুকলি কৰিবলৈ নিৰ্দেশ দি ইয়াৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক ১৫ দিনৰ সময়সীমা বান্ধি দিছিল।
মন্ত্ৰীগৰাকীয়ে ধাৰ্য কৰা সময়সীমা সম্পূৰ্ণ হ’বলৈ ১টা দিন থাকোতেই মাত্ৰ ১৪দিনৰ ভিতৰতে ক’ভিড ৱাৰ্ডত এই অক্সিজেন সেৱা সংলগ্ন বিচনাসমুহ কাৰ্যক্ষম কৰি তোলাৰ বাবে স্বাস্থ্যমন্ত্ৰী মহন্তই নগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জনায়।
বৰ্তমান চিকিৎসালয়খনত ৬৮ খন অক্সিজেনযুক্ত বিচনাৰ লগতে ২০খন আই চি ইউ বিচনাৰো সুবিধা আছে।
শণিবাৰে অক্সিজেনযুক্ত বিচনাসমূহ ব্যৱহাৰৰ বাবে মুকলি হোৱাৰ পাছত এতিয়াৰে পৰা অসামৰিক চিকিৎসালয়খনত পুৰুষ আৰু মহিলা ৰোগীৰ বাবে সুকীয়াকৈ এনে বিচনা আৱণ্টনৰ পথো প্ৰশস্ত হৈ উঠিল।
The post নগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত ৬৮খন অক্সিজেনযুক্ত বিচনা উদ্বোধন স্বাস্থ্যমন্ত্ৰীৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3fQaWx8
via IFTTT
Comments
Post a Comment