ভেকচিনক লৈ স্বাস্থ্য বিভাগৰ নতুন এছঅ’পিঃ বাগিচাৰ শ্রমিক, পদপথৰ বাসিন্দা দিব্যাংগৰ বাবে নালাগে পৰিচয়–পত্র
গুৱাহাটীঃ ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ভেকচিন প্রদানক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা জটিলতা সন্দর্ভত স্বাস্থ্য বিভাগে শনিবাৰে নতুনকৈ এছ অ’ পি প্রকাশ কৰিছে৷ ভেকচিন প্রদানৰ ক্ষেত্রত নাম পঞ্জীয়ন আৰু পৰিচয়–পত্র দেখুওৱাটো বাধ্যতামূলক হোৱা হেতু যিসকল লোকে পঞ্জীয়ন কৰিব পৰা নাই অথবা তেওঁলোকৰ হাতত পৰিচয়–পত্র নাই, সেইসকল লোক ভেকচিনৰ পৰা যোৱা সময়ছোৱাত বঞ্চিত হৈ আছিল৷
ৰাজ্য চৰকাৰে শনিবাৰে জাৰি কৰা এই নতুন এছ অ’ পিৰ জৰিয়তে এনে লোকসকলে এতিয়াৰে পৰা পৰিচয়–পত্র দেখুওৱাৰ প্রয়োজন নহ’ব৷
আনহাতে, এনে লোকসকলক ভেকচিন প্রদান স্থানতে পঞ্জীয়ন কৰি লোৱা হ’ব৷ এই সন্দর্ভত স্বাস্থ্য বিভাগে শনিবাৰে জাৰি কৰা এছ অ’ পি অনুসৰি চাহ বাগিচাৰ শ্রমিক, বৃদ্ধাশ্রমত থকা লোক, কাৰাবন্দীসকল, সাধু–সন্ন্যাসী, মানসিকভাৱে অসুস্থসকল, পদপথৰ বাসিন্দাসকল আৰু আশ্রয় গৃহত থকা লোকসকলে এতিয়াৰে পৰা পৰিচয়–পত্র নোহোৱাকৈ ভেকচিন ল’ব পাৰিব৷
চাহ বাগিচাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে নতুন এছ অ’ পিৰ জৰিয়তে স্পষ্ট কৰি দিছে যে নির্দিষ্ট বাগিচা এলেকাৰ বাবে ভেকচিন সংৰক্ষণ কৰি যিসকল শ্রমিকে নাম পঞ্জীয়ন কৰিব পৰা নাই, তেওঁলোকক এই ভেকচিন প্রদান কৰা হ’ব৷
আনহাতে, এইক্ষেত্রত আশাকর্মীয়ে নির্দিষ্ট চাহ শ্রমিকসকলৰ নামৰ তালিকা প্রস্তুত কৰিব৷ আশাকর্মীয়ে কোনো বিদ্যালয় অথবা ৰাজহুৱা অনুষ্ঠানত এই তালিকা অনুসৰি ভেকচিন প্রদানৰ ব্যৱস্থা কৰিব পাৰিব৷ আনহাতে, পৰিচয়–পত্র দাখিল কৰিব নোৱাৰা লোকসকলৰ ক্ষেত্রত ভেকচিন প্রদান স্থলতে নামসমূহ পঞ্জীয়নৰ ব্যৱস্থা কৰিব জিলা টিকাকৰণ বিষয়াই৷ এই সমগ্র প্রক্রিয়া পর্যবেক্ষণ কৰাৰ বাবে জিলা টাস্ক ফ’চক দায়িত্ব অর্পণ কৰা হৈছে৷ এই টাস্ক ফ’র্চে কোন কোন লোকে নিজৰ পৰিচয়–পত্র দাখিল কৰিব নোৱাৰে অথবা নাম পঞ্জীয়ন কৰিব পৰা নাই, সেইসকল লোকক চিনাক্ত কৰি উলিয়াই তেওঁলোকৰ ভেকচিন প্রদানৰ ব্যৱস্থা কৰিব৷
The post ভেকচিনক লৈ স্বাস্থ্য বিভাগৰ নতুন এছঅ’পিঃ বাগিচাৰ শ্রমিক, পদপথৰ বাসিন্দা দিব্যাংগৰ বাবে নালাগে পৰিচয়–পত্র appeared first on News Live TV.
from News Live TV https://ift.tt/3fYYjjt
via IFTTT
Comments
Post a Comment