নাৰায়ণপুৰত ‘ক’ৰণাই গৰকা সময়’ শীৰ্ষক গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : “ক’ৰোনাই গৰকা সময়” শীৰ্ষক এখন ব্যতিক্ৰমী গ্ৰন্থ । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তাঁতিবাহাৰ নিবাসী তথা লোকপ্ৰিয় মজলীয়া বিদ্যালয়ৰ শিক্ষক মহেন্দ্ৰ শইকীয়াই বিগত ক’ৰোনা কালত লিখি উলিওৱা ব্যতিক্ৰমী গ্ৰন্থ শনিবাৰে বিয়লি নিজ গৃহতে উন্মোচন কৰে । উল্লেখ্য যে ক’ভিদ সৃষ্ট পৰিৱেশৰ বাবে দেশত লকডাউন দিয়া দিন ধৰি যোৱা সম্পূৰ্ণ এটা বছৰে ক’ভিদ সম্পৰ্কীয় বিভিন্ন পৰিৱেশ-পৰিস্থিতি,অভিজ্ঞতা সামৰি গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে লেখক মহেন্দ্ৰ শইকীয়াই ।

ক্লিক কৰি পঢ়কঃ পুৱাৰ খবৰ…

ক’ভিদৰ সম্পূৰ্ণ নীতি-নিয়ম ৰক্ষা কৰি পাঁচগৰাকী গ্ৰন্থপ্ৰেমীৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰে নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডা: অতুল চন্দ্ৰ খাউণ্ডে । পিছলা শাখা সাহিত্য সভাৰ উপ-সভাপতি লক্ষেশ্বৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত পিছলা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খুদৰাম বৰা,নাৰায়ণপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য বিনোদ কৃষ্ণ শৰ্মা , সাংবাদিক জগত গগৈ উপস্থিত থাকে ।

আনহাতে “ক’ৰোনাই গৰকা সময়” শীৰ্ষক ব্যতিক্ৰমী গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা পিছলা শাখা সাহিত্য সভাৰ সম্পাদক তথা লেখক মহেন্দ্ৰ শইকীয়াক ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ লোক সকলে ।

The post নাৰায়ণপুৰত ‘ক’ৰণাই গৰকা সময়’ শীৰ্ষক গ্ৰন্থ উন্মোচন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fRRcta
via IFTTT

Comments