কৃষি মন্ত্ৰীয়ে খবৰ পায়নে? বৰহোলাৰ নপাম চেৰেলীপথাৰ বীজপামত নষ্ট হৈছে ২০ কুইণ্টল ধানৰ বীজ…

ডিজিটেল সংবাদ বেকাজানঃ শালি খেতিলৈ মাত্ৰ এটা মাহ বাকী । কিন্তু খেতিৰ এনে ভৰপক সময়তে মন্ত্ৰী অতুল বৰাৰ অধীনৰ অসম চৰকাৰৰ বীজ নিগমৰ চূড়ান্ত অৱহেলাৰ যোৰহাট জিলাৰ বৰহোলাৰ নপাম চেৰেলীপথাৰ বীজপামত নষ্ট হৈছে প্ৰায় বিশ কুইণ্টল উন্নত জাতৰ ৰঞ্জিত চাব -১ আৰু বাহাদুৰ চাব -১ ধানৰ বীজ । বানপানী অঞ্চলৰ খেতি পথাৰৰ অত্যন্ত উপযোগী আৰু অধিক উৎপাদনক্ষম এই ধানৰ বীজ নিগমৰ অৱহেলাৰ এনেদৰেই ধান বীজ নষ্ট হোৱালৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । উল্লেখযোগ্য যে বৰহোলাৰ বীজপামত ২০২১ বৰ্ষত প্ৰায় ৭৭ বিঘা মাটিত উৎপাদন কৰা এই উন্নত মানৰ ধানৰ বীজৰ ভঁৰালৰ ঘৰৰ মেৰামতি অভাৱৰ বাবে বৰষুণৰ পানীত নষ্ট হ’বলগা হৈছে ।
স্থানীয় ৰাইজে অভিযোগ কৰামতে ২০২০ চনৰ মে ধুমুহা -বৰষুণে ১ কোটি ২৮ লাখ টকাৰে নিৰ্মাণ কৰা বীজভৰাঁলটো টিনপাত উৰুৱাই নিয়াৰ পাছতো আজিলৈকে বীজ নিগমে মেৰামতি নকৰিলে যাৰফলত ধানৰ বীজসমূহ নষ্ট হয় । উল্লেখযোগ্য যে এইবাৰ বৰহোলাৰ নপাম চেৰেলীপথাৰ বীজপামত প্ৰায় ২১৬ কুইণ্টল ৬০ কেজি ৰঞ্জিত চাব -১ আৰু বাহাদুৰ চাব- ১ ধানৰ বীজ উৎপাদন কৰে । কিন্তু বীজ ভঁৰালটো পৰিত্যক্ত হোৱাৰ বাবে ২০ কুইণ্টল বীজ নষ্ট হয়।\
ক্লিক কৰি পঢ়কঃ পুৱাৰ খবৰ…
আনহাতে ইয়াৰ ৩৭৭ বেগ ৰঞ্জিত আৰু ৩৪৫ বেগ বাহাদুৰ ধানৰ বীজ । ইতিমধ্যে চেৰেলীপথাৰ পামৰ এই ধান বীজ নিগমৰ ছীড ভিলেজলৈ প্ৰেৰণ কৰিবলৈ পেকেজিঙ সম্পূৰ্ণ কৰি তোলা হৈছে । ইপিনে ২০১৩-১৪ চনত শিৱসাগৰ মিণ্টু হাজৰিকা নামৰ ঠিকাদাৰ গৰাকীয়ে ১ কোটি ২৮ লাখ ব্যয়ৰে নিৰ্মাণ কৰা ভঁৰাল অবাধ দুৰ্নীতিৰ বাবে নিৰ্মাণ মাত্ৰ ৮ টা বছৰতে জহিখহি ধবংস দিশে গতি কৰিছে । ঠিকাদাৰ গৰাকীয়ে ভঁৰালৰ ঘৰটো মাজত কোনো ধৰণৰ বীম নিদিয়াত মজিয়াখন ফাটি যোৱাৰ উপৰিও কাষৰ দেৱালয় খহি পৰিছে । তদুপৰি পোহৰ আহিবৰ বাবে হুৱাট টিনপাত ফুটি যতে ততে বৰষুণৰ পানী পৰি বীজ নষ্ট কৰি পেলাইছে ।
স্থানীয় ৰাইজে অভিযোগ কৰাৰ মতে ঠিকাদাৰ গৰাকীয়ে ইমানেই নিম্নমানৰ আন্ত:গাঁথনি কৰিলে যে ভঁৰালৰ মজিয়াখন বখলা বখলে এৰাই গৈছে । ইফালে বীজপামখনৰ চৌহদৰ বেৰা নথকাৰ বাবে খেতিৰ সময়ত উদঙীয়া গৰু ছাগীলে ব্যাপক সমস্যা সৃষ্টি কৰিছে । সম্প্ৰতি ৰাইজে ঠিকাদাৰ বিৰুদ্ধে এক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি মন্ত্ৰী অতুল বৰাক দাবী জনাইছে ।
The post কৃষি মন্ত্ৰীয়ে খবৰ পায়নে? বৰহোলাৰ নপাম চেৰেলীপথাৰ বীজপামত নষ্ট হৈছে ২০ কুইণ্টল ধানৰ বীজ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3yPB97L
via IFTTT
Comments
Post a Comment