মহানগৰত এপযোগে লাভ কৰিব ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট, ক’ভিডৰ তথ্য সঠিকভাৱে ৰখাত গুৰুত্ব উপায়ুক্তৰ

এতিয়াৰ পৰা মহানগৰত ক’ভিড পৰীক্ষা কৰা সকলে ৰিপৰ্টৰ বাবে SMS অহালৈ অপেক্ষা কৰি থকাৰ প্ৰয়োজন নাই৷ মাথো এটা ক্লিকতেই জানিব পাৰিব ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট৷

এয়া সম্ভৱ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কামৰূপ মহানগৰ জিলাই উদ্ভাৱন কৰি উলিওৱা এটা এপে৷

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কামৰূপ মহানগৰৰ ডাটা চেলে উদ্ভাৱন কৰা https://ift.tt/3vzGe1Y নামৰ এপটোৰ জৰিয়তে পৰীক্ষা কৰোৱা লোকজনে নিজে ৰিপৰ্টটো ডাউনল’ড কৰি ল’ব পাৰে৷ ইয়াৰ বাবে মাথো তেওঁৰ SRF নম্বৰ বা পৰীক্ষা কৰোতে পঞ্জীয়ন কৰা মবাইল নম্বৰটো দিলেই হ’ল৷

ইতিমধ্যে ১৭,৯৫১ জন লোকে এই এপৰ পৰা উপকৃত হৈছে৷

আনহাতে, ক’ভিড সংক্ৰান্তীয় কোনো তথ্য যাতে খেলিমেলি নহয় তাৰ বাবে ক’ভিড-১৯ সম্পৰ্কীয় সকলো তথ্য সঠিক আৰু উপযুক্তভাৱে ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷

শনিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত লেবৰেটৰী ইনচাৰ্জ, এমট্ৰনৰ প্ৰতিনিধি, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জ’নেল তত্বাবধায়কসকল আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত এই নিৰ্দেশ দিয়ে উপায়ুক্তই৷

বৈঠকখনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰা, অতিৰিক্ত উপায়ুক্ত(টীকাকৰণ) গুণজিৎ ৰয় চৌধুৰী, ৱাৰ ৰূম ইনচাৰ্জ তথা যুটীয়া সচিব শ্বাহজাদ আলম, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়া উপস্থিত থাকে৷

The post মহানগৰত এপযোগে লাভ কৰিব ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট, ক’ভিডৰ তথ্য সঠিকভাৱে ৰখাত গুৰুত্ব উপায়ুক্তৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3uxAapr
via IFTTT

Comments