গোলাঘাটত নতুনকৈ ক’ভিডত আক্ৰান্ত ১৬৩জন লোক, মৃত্যু ৩ জনৰ

গোলাঘাটত যোৱা ২৪ ঘন্টাত ক’ভিড আক্ৰান্তৰ গ্ৰাফ অলপ নিম্নগামী হোৱা দেখা গৈছে। শুকুৰবাৰে ৫২৭৯ জন লোকৰ ক’ভিড পৰীক্ষাৰ অন্তত ১৬৩ জনৰ শৰীৰত ক’ভিড ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

আনহাতে, যোৱা ২৪ ঘন্টাত ৩ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হ’য়। মৃত লোক কেইজন হৈছে, সঞ্জীৱ সিং(৩৫) নুমলীগড়, গোলাঘাট, দেৱীচৰণ মিৰ্ধা (৬০) মিছামৰা ,ৰঙামাটি আৰু অৰুণ জীনা (৬০) উত্তৰ গৰঙা চাহ বাগিচা।

ইয়াৰে সঞ্জীৱ সিঙৰ যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু হোৱাৰ লগতে বাকী দুজনৰ গোলাঘাট ক’ভিড হাস্পাতালত মৃত্যু হ’য়।

সেইদৰে, চিনাক্ত হোৱা ১৬৩ জনৰ সৰ্বাধিক বোকাখাতৰ ৪২ জন, কমাৰবন্ধা আলিৰ ১০ জন, সৰুপথাৰৰ ২৩ , মিছামৰা ২১, শ্বহীদ কুশল কোঁৱৰ ক’ভিড হাস্পাতালত ১১, চাৰিঙীয়া ১৯ ,মৰঙীৰ ২৯, ৱাৰ্ডত ৫, আৰ টি পি চি আৰত ৩ জন পোৱা গৈছে।

বৰ্তমানেও  সক্ৰিয় হৈ থকা মুঠ ১৪৬৭ জন ৰোগীৰ ৬৫৩ জনক হ’ম আইছ’লেশ্যনত ৰখাৰ লগতে ২২৬ জনক হাস্পাতালত আৰু ৫৮৮ জনক ক’ভিড কেয়াৰ চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে।

ইফালে কালি গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে সৰুপথাৰৰ ভগৱান চাহ বাগিচাত স্থাপন কৰা ক’ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰি ৰোগীৰ বাবে থকা সা-সুবিধা আৰু বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে সৰুপথাৰৰ উৰিয়ামঘাটত থকা ক’ভিড কেয়াৰ চেন্টাৰত উপস্থিত হৈ আৰোগ্য লাভ কৰা কেইবাজনো লোকৰ সৈতে মত বিনিময় কৰে।

তেওঁ লগতে কেইবাগৰাকী ৰোগীৰ ফ’ন যোগে স্বাস্থ্যৰ বুজ লয়। ইয়াৰ পিছতেই উপায়ুক্ত গৰাকীয়ে সৰুপথাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হৈ ধনশিৰি মহকুমাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

উক্ত বৈঠকত মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, মহকুমা আৰক্ষী বিষয়া অমিত হোজাই, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: পি কে গঞ্জুৰ লগতে সকলো দণ্ডাধীশ ,বিভিন্ন বিভাগৰ মহকুমা মূৰব্বী আৰু খণ্ড উন্নয়ন বিষয়া সকল উপস্থিত থাকে।

The post গোলাঘাটত নতুনকৈ ক’ভিডত আক্ৰান্ত ১৬৩জন লোক, মৃত্যু ৩ জনৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3fvt3tt
via IFTTT

Comments