আজি পবিত্র বৌদ্ধ পূৰ্নিমাঃ ৩৬৫বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এগঁছি বন্তি আৰু এজন মাত্ৰ ভকতৰ নাম প্ৰসংগৰে হ’ব উদযাপন…

ডিজিটেল ডেস্কঃ আজি পবিত্র বৌদ্ধ পূৰ্নিমা। বৌদ্ধ পূৰ্নিমা দিনটোতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মস্থান বটদ্ৰৱা থানত অনুষ্ঠিত হয় নৰোৱা সত্ৰৰ পালনাম আৰু সতীৰাধিকা মহোৎসৱ। ১৬৫৬ খ্রীষ্টাব্দ বটদ্ৰৱা থান উদ্ধাৰৰ সময়ৰ পৰা পৰা প্ৰতি বছৰে বৌদ্ধ পূৰ্নিমা দিনটোত উদযাপন হৈ আহিছে এই দুটি উৎসৱ। থানৰ মূল উৎসৰ সমূহৰ ভিতৰত অন্যতম এক উৎসৱ উপলক্ষে হেজাৰ হেজাৰ ভক্ত বৈষ্ণবৰ উপস্থিতিত উখল মাখল হৈ থাকে বটদ্ৰৱা থান।

৩৬৫বছৰীয়া প্ৰাচীন এক পৰম্পৰা। আই কনকলতাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ পুণঃ উদ্ধাৰৰ পিছৰে পৰাই গুৰুজনাৰ আদৰ্শ অনুসৰণ কৰি পুনৰ আৰম্ভ কৰিছিল ফাগ্লুৎসৱৰ পিছৰ পূৰ্ণিমা (বুদ্ধ পুৰ্ণিমা) দিনটোৰ মহা পালনাম অনুষ্ঠিত হয়। আৰম্ভণিৰ তথ্য নাথাকিলেও ১৬৫৬চনৰ পৰা বিৰতিহীনভাৱে বটদ্ৰৱাত থানত ফাগ্লুৎসৱ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, শংকৰ-মাধৱৰ তিৰোভাৱ তিথিৰ লগতে ভাদমহীয়া নাম আৰু বহাগৰ পূৰ্ণিমাৰ মহা পালনাম অনুষ্ঠান পৱিত্ৰ থানখনৰ এক অনন্য বৈশিষ্ট হিচাপে পৰিগণিত হৈ আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলনৰ সুউচ্চ ধৰ্ম পতাকাখনি এই অনুষ্ঠানে বিৰতিহীনভাৱে অসমীয়া জাতি-সংস্কৃতি আৰু স্বাভিমানক আধ্যাত্মিকতাৰ সৰ্বোচ্চ স্থানত উৰুৱাইছে।

ক্লিক কৰি পঢ়কঃ ৰিভলভাৰ, ৫সজীৱ গুলিসহ জোনাইত এল.ডি.চি.এম.এল সদস্যক গ্ৰেপ্তাৰ…

কোনো বাধা-বিপত্তিয়ে বিগত ৩৬৫টা বছৰত ইয়াত বিৰতি ঘটাব পৰা নাছিল। আনকি ৫০ৰ বৰভুইঁকপ বা বিভিন্ন সময়ত বৰলুইঁতৰ বানৰ তাণ্ডৱৰ মাজতো অবিৰতভাৱে চলি আছিল মহাপালনামৰ ধ্বনি। বটদ্ৰৱাৰ হাজাৰ বিঘা চৌহদৰ হাতীসমূহৰ লগতে বিভিন্ন ধৰ্ম-বৰ্ণৰ লোকে বসবাস কৰা সমগ্ৰ নগাঁৱৰ আধ্যাত্মিক ক্ষেত্ৰকো এই পালনামে ইয়াক আলোড়িত কৰি ৰাখিছে। লাহে লাহে এই পালনামৰ দিনটোতে উদযাপন হব লগা সতী ৰাধিকা দিৱসো গাৰ্ম্ভীৰ্যপূণভাৱে উদযাপন কৰা হৈছিল। দিনটোত হাজাৰ হাজাৰ ভকত আৰু পৰ্যটকৰ পৰ্দাপণে ঐতিহ্যমণ্ডিত বটদ্ৰৱা স্থানৰ মাহাত্ম্য আৰু বৈষ্ণৱ সংস্কৃতিৰ চৰ্চাক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। যৰ পৰা সকলোৱে প্ৰেম, ভাতৃত্ব আৰু ভক্তিৰ শক্তি কিমান তাৰ বাস্তৱতাক উপলদ্ধি কৰিব পাৰিছিল

কিন্তু হঠাতে যেন কৰবাত কেনা লাগিল। বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱাৰ কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউনে দেশৰ অন্যান্য তীৰ্থভূমিৰ লগতে বটদ্ৰৱাৰ তীৰ্থধামৰ দুৱাৰো প্ৰশাসনে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে বন্ধ কৰি দিবলৈ বাধ্য হল। থানখনৰ মূল কীৰ্ত্তন ঘৰত লাগি থকা দৈনিক ১৪ প্ৰসংগত জড়িত মূল ভক্তকেইজনৰ বহাক বাদ দি আন সকল লোকৰ আহযাহ একেবাৰে বন্ধ হৈ পৰাত সদায় ৰজনজনাই থকা ঐতিহ্যপূৰ্ণ বটদ্ৰৱা থান যেন নিমাওমাও হৈ পৰিল।

বটদ্ৰৱা থানৰ ইতিহাসত পোন প্ৰথমবাৰৰ মাত্ৰ এগৰাকী ভকতে নাম প্ৰসংগ কৰি উদযাপন কৰিব লগা হৈছে এই বৌদ্ধ পূৰ্নিমা। কভিডৰ এই দ্বিতীয় ধৌৱে ভয়াবহতা সৃষ্টি কৰা সময়তে চৰকাৰে বান্ধি দিয়া নিৰ্দেশনা পালন কৰি এইদৰে আজি পবিত্র বৌদ্ধ পূৰ্নিমা উপলক্ষে বটদ্রৱা থানৰ কীৰ্তনঘৰত মাত্ৰ এগৰাকী ভকতৰ দ্বাৰা নামপ্ৰসংগ”ৰ মাজেৰে উদযাপন হৈছে বৌদ্ধ পূৰ্নিমা। আৰু এগছি বন্তি প্ৰজ্বলনেৰে সমস্ত জীৱ জগতৰ কল্যাণৰ প্ৰাৰ্থনা কৰিছে ভকতে।

The post আজি পবিত্র বৌদ্ধ পূৰ্নিমাঃ ৩৬৫বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এগঁছি বন্তি আৰু এজন মাত্ৰ ভকতৰ নাম প্ৰসংগৰে হ’ব উদযাপন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hOta4O
via IFTTT

Comments