দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ত্ৰিৰংগাক অপমান কৰাৰ অভিযোগ…

ডিজিটেল ডেস্কঃ চৌদিশে এতিয়া কোৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যসমূহৰ চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। সৰ্বসাধাৰণ ৰাইজৰ মাজত কোৰোনাৰ প্ৰতি বাচি থকাৰ লগতে নিজৰ পৰিয়ালক পোহপাল দিয়াৰো দায়িত্ব আহি পৰিছে। কাৰ্ফিউ আৰু ল’কডাউনৰ মাজত এয়া আটাইতকৈ ডাঙৰ চিন্তা বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে। তাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ত্ৰিৰংগাৰ অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে।

পঢ়িবলৈ ক্লিক কৰকঃ অসমত পুনৰ ৫৭০৪জন কোভিড পজিটিভ, ৮৩জনৰ মৃত্যু…

কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে উত্থাপন কৰিছে এই অভিযোগ। তেওঁ এই সন্দৰ্ভত দিল্লীৰ উপ ৰাজ্যপাললৈও লিখিছে এক পত্ৰ। পত্ৰত কোৱা হৈছে যে, দিল্লীৰ মুখ্যমন্ত্ৰীয়ে এক সংবাদমেলৰ সময়ত ব্ৰেকগ্ৰাউণ্ডত ত্ৰিৰংগা আঁৰি থৈছিল। আৰু পতাকাখন শুদ্ধ পদ্ধতিত আঁৰি থোৱা হোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পত্ৰখনত ইয়াৰ শুধৰণি শীঘ্ৰে কৰিবলৈ দাবী জনাইছে।

ইফালে, দিল্লীত বৃদ্ধি পোৱা কোৰোনাৰ সংক্ৰমণৰ তৃতীয় ঢৌৰ সৈতে যুঁজ দিবৰ বাবে ১৩জন বিষয়াৰ এখন কমিটী গঠন কৰি দিয়া হৈছে। কোৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে বহু ব্যৱস্থাও গ্ৰহণ কৰিছে। এডিশ্যনেল চীফ ছেক্ৰেটাৰী (শক্তি)/কোভিডৰ নোডল বিষষা সত্য গোপাল এই কমিটীখনৰ মুৰব্বী।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। ৰাজ্যত আকৌ ১৮৬৩৬৪জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। তদুপৰি এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈ ৩৬৬০জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।

দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ল’কডাউন অব্যাহত আছে। কিয়নো সেই অঞ্চল বা ৰাজ্যত কোৰোনাৰ সংক্ৰমণ বহু বেছি হাৰত বৃদ্ধি পাইছে। তাৰ বিপৰীতে অসমত শেহতীয়াকৈ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। ৫ জুনলৈকে বৃদ্ধি কৰা হৈছে ৰাজ্যত সান্ধ্য আইনৰ সময়সীমা।

The post দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ত্ৰিৰংগাক অপমান কৰাৰ অভিযোগ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QXZxD0
via IFTTT

Comments