ৰিভলভাৰ, ৫সজীৱ গুলিসহ জোনাইত এল.ডি.চি.এম.এল সদস্যক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, জোনাইঃ ধেমাজি জিলাৰ জোনাই আৰক্ষীয়ে বিশেষ অভিযান চলাই কালি এটি ৰিভলভাৰ লগতে ৫টা সজীৱ গুলি উদ্ধাৰ কৰে। এই সন্দৰ্ভত বুধবাৰে সন্ধিয়া জোনাই আৰক্ষী থানাত জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলেয়ে এক সংবাদমেলত সদৰী কৰামতে জোনাই থানাৰ 83/21 নং গোচৰ মৰ্মে জোনাই আৰক্ষীয়ে পুৰহি অভিযান চলাই জোনাইৰ ডেকাপামৰ নিবাসী তথা এল.ডি.চি.এম.এল নামৰ নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্য পবিত্ৰ দলেক আটক কৰি উল্লেখিত গোচৰ সন্দৰ্ভত সোধপোছ কৰে।
এই সময়ত এল.ডি.চি.এম.এল সদস্য গৰাকী পৰা আৰক্ষীয়ে বহু গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰাৰ লগতে জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত গোপনে অস্ত্ৰ-সস্ত্ৰ লুকাই ৰখা বুলি স্বীকাৰ কৰে। ইয়াৰ পিছত আজি জোনাই আৰক্ষীয়ে অভিযান চলাই পবা সংৰক্ষিত বনাঞ্চলত লুকাই ৰখা অবস্থাৰ পৰা এটা ৰিভলভাৰ আৰু 5 টা সজীৱ গুলি উদ্ধাৰ কৰে।
ক্লিক কৰি পঢ়কঃ কোভিডত আক্ৰান্ত হৈ প্ৰথমজন বিধায়কৰ মৃত্যু অসমত…
আৰক্ষীয়ে পিছত ধৃত এল.ডি.চি.এম.এল সদস্য পবিত্ৰ দলেক আদালতত হাজিৰ কৰাৰ পিছত তিনি দিনৰ বাৰ আৰক্ষীয়ে নিজৰ জিম্মাত লয়। জোনাই সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসন্ন সোণোৱালে উপস্থিত থকা সংবাদমেলত লগতে জোনাই মহকুমা আৰক্ষী বিষয়া ঋতু ৰাজ দলেয়ে কয়- যোৱা দহ মে’ৰ নিশা জোনাই আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চিৰামপুৰীয়া গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী সুভাষ চাহুৰ পৰা দাবী কৰা ধন নেপাই গুলীয়াই আহত কৰা ঘটনাৰ লগত ধৃত এল.ডি.চি.এম.এলৰ সদস্য গৰাকী জড়িত।
তদুপৰি ধৃত পবিত্ৰ দলে এল.ডি.চি.এম.এল ডেপুটি চীফ পৰ্যায়ৰ কেডাৰ বুলি জানিব লৈ দিয়ে। উল্লেখযোগ্য যে দুৰ্বৃত্তৰ দলে গুলীচালন কৰি চাহুক গুৰুত্বভাৱে আহত কৰা উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এল.ডি.চি.এম.এল নামৰ সংগঠনৰ ছজন কেডাৰ ক্ৰমে গোবিন্দ পেগু, দেৱীৰাম পেগু, মানু পাতিৰ, ব্ৰজেন দলে, বিশ্ব দলে, বাণী কুমাৰ কুম্বাঙক যোৱা এঘাৰ মে’ত আটক কৰে। কিন্তু ইয়াৰে বাণী কুমাৰ কুম্বাং আৰক্ষীৰ গুলিত পিছত নিহত হয়।
The post ৰিভলভাৰ, ৫সজীৱ গুলিসহ জোনাইত এল.ডি.চি.এম.এল সদস্যক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3bPrGDB
via IFTTT
Comments
Post a Comment