স্বাস্থ্য মন্ত্রীৰ শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন; ক’ভিড-১৯ ব্যৱস্থাপনাৰ পৰ্যালোচনা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে শিৱসাগৰ জিলাত উপস্থিত হৈ জয়সাগৰ স্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খনৰ ক’ভিড ৱাৰ্ডৰ আন্তঃগাথঁনি, চিকিৎসা সেৱা তথা অন্যান্য সা-সুবিধা আদিৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়।

তেওঁ উপায়ুক্ত বিষ্ণু কমল বৰা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যামন্ত মাধৱ শৰ্মা তথা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সৌৰভ কুমাৰ গগৈৰ সৈতে জিলাখনৰ ক’ভিড-১৯ ত আক্রান্ত ৰোগীৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। তেওঁ লগতে ক’ভিড ৱাৰ্ড তথা আই. চি. ইউ. ৰ বৃদ্ধি তথা সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰে।

ইয়াৰ পিছত মন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ সামগ্ৰিক ক’ভিড-১৯ ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰতিনিধি প্ৰাঞ্জল খনিকৰ আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাৰ প্ৰতিনিধি ঘন গগৈৰ উপস্থিতিত অনুষ্ঠিত হয় এই পৰ্যালোচনা বৈঠক।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক’ভিড প্ৰতিষেধক প্ৰক্ৰিয়া আহল-বহল স্থানত সম্পন্ন কৰাৰ পোষকতা কৰিছে। তদুপৰি, বৰ্তমানে বিদ্যালয়সমূহ যিহেতু বন্ধ হৈ আছে, সেয়ে তেওঁ ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া চিকিৎসা কেন্দ্ৰৰ পৰিবৰ্তে বিদ্যালয় প্ৰাংগণত কৰিবলৈ পৰামৰ্শ দিয়ে।

তেওঁ চক্ৰ বিষয়া সকলক সংশ্লিষ্ট ৰাজহ চক্ৰৰ ক’ভিড ব্যৱস্থাপনা পোনপটীয়াকৈ তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাক সাধাৰণ চিকিৎসা সেৱা, ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তথা ক’ভিড পৰীক্ষণ প্ৰক্ৰিয়া তদাৰক কৰিবলৈ অতিৰিক্ত উপায়ুক্তসকলক দায়িত্ব অৰ্পণ কৰিবলৈ কয়।

তেওঁ ক’ভিড পৰীক্ষণৰ ক্ষেত্ৰত মুঠ পৰীক্ষণৰ ৩০ শতাংশ আৰ. টি. পি. চি. আৰ. পৰীক্ষণ কৰিবলৈ কয়। তেওঁ জিলা প্ৰশাসনক পূৰ্বতকৈ অধিক শৃংখলিত তথা কাৰ্যকৰী পৰিকল্পনা হাতত লৈ এক শক্তিশালী ক’ভিড-১৯ প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আৰক্ষী বিভাগক আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে জনসমাগম ৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ কয়।

মন্ত্ৰী গৰাকীয়ে ক’ভিড কেয়াৰ চেণ্টাৰ তথা ক’ভিড চিকিৎসা ৱাৰ্ড বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অতিৰিক্ত ১৩০ খন বিচনা মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান অক্সিজেন যুক্ত আই. চি. ইউ. -ৰ নিৰ্মাণকাৰ্য্য অহা ১৫ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চাহ-বাগিচা এলেকাত ক’ভিড-১৯ ৰোগত আক্ৰান্ত ৰোগীক কোনোপধ্যেই যাতে গৃহ আছুতীয়াকৰণ কৰা নহয়, তাৰ ওপৰত গুৰুত্ব দিবলৈ কয়।

নিজৰ বক্তব্যত তেওঁ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে ক’ভিড পৰীক্ষণ বৃদ্ধি আৰু ৰোগীক প্ৰয়োজনীয় চিকিৎসা সেৱা সময়মতে উপলব্ধ কৰোৱাত গুৰুত্ব প্ৰদান কৰে।

তেওঁ উপায়ুক্ত প্ৰমুখ্যে অন্যান্য প্ৰশাসনিক বিষয়া, চিকিৎসক তথা আশাকৰ্মীয়ে গৃহ আছুতীয়াকৰণত তথা ক’ভিড কেয়াৰ চেণ্টাৰত থকা ৰোগীক ফোনযোগে যোগাযোগ কৰি তেওঁলোকৰ সুবিধা-অসুবিধাৰ বিষয়ে বুজ লৈ তেওঁলোকৰ অসুবিধা সমুহ দূৰীকৰণৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

মন্ত্ৰী গৰাকীয়ে জনপ্ৰতিনিধিৰ লগতে উপায়ুক্ত, আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়া, অন্যান্য প্ৰশাসনিক বিষয়া সকলক সঘনাই জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰত উপস্থিত হৈ স্থানীয় গাঁওবুঢ়া, পঞ্চায়তৰ বিষয়-ববীয়া তথা স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰি ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া, ক’ভিড পৰীক্ষণ প্ৰক্রিয়া, চেনিটাইজেচন প্ৰক্ৰিয়া তথা আনুষংগিক ক’ভিড-১৯ ব্যৱস্থাপনা সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়।

বৈঠকত স্বাস্থ্য সেৱাৰ যুটীয়া সচিব ডাঃ স্যমন্ত মাধৱ শৰ্মাই স্বাস্থ্য মন্ত্ৰীগৰাকীক আৰু কেইখনমান এম্বুলেঞ্চ, ৮ টা মনিটৰ আৰু আই. চি. ইউ. -ৰ টেকনিচিয়ান উপলব্ধ কৰাবলৈ অনুৰোধ জনায়। এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে যথাসম্ভৱ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

The post স্বাস্থ্য মন্ত্রীৰ শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন; ক’ভিড-১৯ ব্যৱস্থাপনাৰ পৰ্যালোচনা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/34vQJHL
via IFTTT

Comments