ঢকুৱাখনাত কোভিড আইন উলংঘাকাৰীৰ পৰা ধন সংগ্ৰহ কৰি স্বয়ম্ভূ ‘ছাৰ’ সোমাল ৰঙাঘৰত…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  কোৰোনাকেন্দ্ৰিক জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য জুৰি আন্তঃজিলা যাতায়ত বন্ধ থকাৰ অচিলা লৈ অৰ্থ সংগ্ৰহৰ অবৈধ বেহা মেলা এটা কুখ্যাত দালাল দেওবাৰে ৰঙাঘৰৰ আলহী হবলগা হয় ঢকুৱাখনাত। ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত লখিমপুৰ-ধেমাজি জিলাৰ সীমা মুৰীয়া কঁঠালগুৰি অঞ্চলত স্থাপন কৰা আৰক্ষী নিৰীক্ষণ চকীত শনিবাৰে বিয়লি কোভিড আইন ভংগকাৰীৰ ওপৰত এটা স্বয়ম্ভূ আৰক্ষীৰ চলে জৰিমনা সংগ্ৰহ অভিযান চলায়।

সদৰ থানাৰ অন্তৰ্গত গোবিন্দপুৰ গাঁওৰ উন্নাসিক যুৱক বিকাশ কোচে শনিবাৰে একাংশ যুৱককলৈ উপস্থিত হয় নিৰীক্ষণ চকীত। নিজকে ” চীফ মিলিটেৰী পুলিচ” নামৰ অখ্যাত সুৰক্ষা বাহিনীৰ বিষয়া বুলি চিনাকি দি চকীত অকলে কৰ্মৰত ডিম্বেশ্বৰ ফুকন নামৰ গৃহৰক্ষী বাহিনীৰ জোৱানজনক ধমক দি কোভিড আইন ভংগকাৰীৰ পৰা জৰিমনা সংগ্ৰহৰ নিৰ্দেশ দিয়ে।

নিজৰ গাড়ী আৰু দেহৰক্ষী আঁতৰত থকা বুলি ভুৱা পৰিচয় দি গৃহৰক্ষী জোৱানজনক ভয় ভাবুকি দি স্বয়ম্ভূ আৰক্ষীটোৱে কাগজ কলম আনিবলৈ নিৰ্দেশ দিয়ে। “ছাৰ”ৰ হঠাৎ উপস্থিতিত বিতত গৃহৰক্ষী জোৱান জনে কাগজ আনি দিয়াত কেইবাগৰাকী যান বাহন চালকৰ পৰা মাস্ক নিপিন্ধা , কোভিড বিধি উলংঘা কৰি বাহন চলোৱা অভিযোগত বৃহৎ পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰে। তাৰোপৰি নিজৰ স্কুতি লৈ সমীপৰ দিলীপ কোচৰ এটা ধান খুন্দা মিলত সোমাই আইন উলংঘা কৰাৰ বাবে নগদ তিনিহাজাৰ টকা দাবী কৰে স্বয়ম্ভূ আৰক্ষীটোৱে।

ক্লিক কৰি পঢ়কঃ প্ৰৱল ইচ্ছাশক্তি! নগাঁৱৰ ৯৮বছৰীয়া ককাই জয় কৰিলে কোৰোনাক…

তাৰপৰাও একহাজাৰ টকা লৈ উধাও হয় ভুৱা যুৱকটো। এনেকৈ জনশূন্যতাৰ সুযোগ লৈ অবৈধ ধন সংগ্ৰহ কৰি থকা অসৎ প্ৰকৃতিৰ যুৱকটোৰ অপকৰ্ম সন্দৰ্ভত স্থানীয় গাঁওৰক্ষী বাহিনীৰ অৱগত হোৱাত ধুৰন্দৰ ধান্দাবাজ যুৱক বিকাশ কোচক ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই ঢকুৱাখনা আৰক্ষীক অৱগত কৰে। সদৰ থানাৰ অচি ৰাজীৱ বৰুৱা ক্ষীপ্ৰ তাৰে ঘটনাস্থলীত উপস্থিত হৈ ধৃত স্বয়ম্ভূ আৰক্ষীটোক থানালৈ আনে।এই সন্দৰ্ভত ভুক্তভোগীয়ে থানাত নিশাই দিয়া এজাহাৰৰ ভিত্তিত ভুৱা আৰক্ষী বিকাশ কোচৰ লগতে নিৰীহ গৃহৰক্ষী জোৱান ডিম্বেশ্বৰ ফুকনকো গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। কোৰোনাকেন্দ্ৰিক

ইপিনে শনিবাৰৰ অবৈধ মাচুল সংগ্ৰহ অভিযানটো সম্পূৰ্ণ পৰিকল্পিত আছিল বুলি অনুসন্ধানত পোহৰলৈ আহিছে। সহজলভ্য ধনৰ লালসাত ধৃত কোচে কেইজনমান বিপথগামী যুৱকৰ সতে সুৰা পান কৰি নিৰীক্ষণ চকীৰ মূল দায়িত্ব প্ৰাপ্ত মুনিন্দ্ৰ বৰা( ইউ বি চি)ৰ “অকৰ্তৃত্বশীল অনুপস্থিতি”ৰ সুযোগ লৈ অৰ্থ সংগ্ৰহত নামিছিল। নিৰ্বোধ ,সৰল মনা ,বয়ষ্ক গৃহৰক্ষী জোৱান জনৰ ওচৰৰ উপস্থিত হৈ উক্ত সুৰাপায়ী যুৱক কেইজনে ভুৱা আৰক্ষী কোচক “ছাৰ” বুলি সম্বোধন কৰি বিবুদ্ধিত পেলাইছিল গৃহৰক্ষী জোৱান জনক।

এই সমস্ত দুষ্কাৰ্য প্ৰত্যক্ষ কৰি এজন গাওঁৰক্ষী বাহিনীৰ বিষয় ববীয়াই ইয়াৰ অন্য এজন প্ৰধান খলনায়কক ঘটনাৰ আওতাৰ পৰা বচাবলৈ গালত প্ৰচণ্ড চৰ সোধাই লোক চক্ষুৰ পৰা আঁতৰাই পঠাইছিল । বিপৰীতে বলিৰ পঠা হল নিষ্ঠাবান গৃহৰক্ষী জোৱান ফুকন। সদৰ থানাত পঞ্জীভূত গোচৰৰ ভিত্তিত দেওবাৰে দুয়োকে লখিমপুৰৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ঠিকেই কিন্তু দুষ্কাৰ্যৰ সতে প্ৰত্যক্ষ ভাবে জড়িত অন্য খলনায়ক সকলকো আৰক্ষীৰ তদন্তৰ আওতালৈ আনিলেহে তদন্তৰ নিৰপেক্ষতা অক্ষুন্ন থাকিব বুলি প্ৰত্যক্ষদৰ্শী ৰাইজে মত ব্যক্ত কৰিছে।

The post ঢকুৱাখনাত কোভিড আইন উলংঘাকাৰীৰ পৰা ধন সংগ্ৰহ কৰি স্বয়ম্ভূ ‘ছাৰ’ সোমাল ৰঙাঘৰত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3i3SdB6
via IFTTT

Comments