কটন বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠা দিৱসঃ ভার্চুৱেল পদ্ধতিত অনুষ্ঠিত হ’ল সভা

গুৱাহাটীঃ  উত্তৰ–পূবৰ প্রথম অগ্রণী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয় তথা পূর্বৰ কটন কলেজৰ ১২১সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰে ৩ বজাত ভার্চুৱেল পদ্ধতিত সভা অনুষ্ঠিত হয়৷

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাত উপাচার্য অধ্যাপক ভৱেশ চন্দ্র গোস্বামীয়ে উদ্বোধনী ভাষণ প্রদান কৰে৷ ইয়াৰ পিছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এজন প্রাক্তন কটনিয়ান হিচাপে প্রকাশ কৰা মন্তব্যৰ এটা চমু ভিডিঅ’ ক্লিপ বজোৱা হয়৷

লগতে তেওঁ টুইটাৰৰ জৰিয়তে কটনক লৈ প্রকাশ কৰা নিজৰ অনুভৱ অনুষ্ঠানৰ ঘোষিকা ড০ সংগীতা বৰঠাকুৰে পঢ়ি শুনায়৷ মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কটন পৰিয়ালক অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্রতিষ্ঠানখনৰ গৰিমা তথা ঐতিহ্য ভৱিষ্যৎ প্রজন্মৰ বাবে আগুৱাই নিয়াত শিক্ষামন্ত্রী হিচাপে তেওঁৰ যৎপৰোনাস্তি চেষ্টা থাকিব বুলি দোহাৰে৷

ইয়াৰ পিছৰ বক্তব্যত কটন বিশ্ববিদ্যলয় ছাত্র একতা সভাৰ ২০১৯–২০ বর্ষৰ সভাপতি হীৰকজ্যোতি পাটোৱাৰীয়ে নিজৰ অভিজ্ঞতা তথা অনুভৱ ব্যক্ত কৰে৷ প্রফেছৰ ইমেৰিটাছ তথা আই আই টি গুৱাহাটীৰ প্রাক্তন সঞ্চালক অধ্যাপক ডি এন বুঢ়াগোহাইৰ ‘প্রতিষ্ঠা দিৱস ভাষণ’ সভাৰ মুখ্য আকষর্ণ আছিল৷ প্রতিষ্ঠা দিৱসৰ আন এক গুৰুত্বপূর্ণ অনুষ্ঠানত দুগৰাকী শিক্ষক, এজন গৱেষক আৰু এজন প্রাক্তন ছাত্রৰ লগতেশিক্ষা, ক্রীড়া আৰু সাংস্কৃতিক ক্ষেত্রত সুনাম অর্জন কৰা শিক্ষার্থীসকলকো অভিনন্দন জনোৱা হয়৷

কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ ২০১৯–২০ বর্ষৰ সহকাৰী সাধাৰণ সম্পাদক অভিলাষা নেওগে শলাগৰ শৰাই আগবঢ়ায়৷ অনুষ্ঠানত অনলাইন জুম প্লেটফর্ম আৰু বিশ্ববিদ্যালয়ৰ অফিচিয়েল ফেচবুক পেজৰ জৰিয়তে বহুকেইগৰাকী শিক্ষক, ছাত্র–ছাত্রী, বিষয়া, প্রাক্তন ছাত্র, অৱসৰপ্রাপ্ত শিক্ষক, কার্যবাহী পৰিষদৰ সদস্য, শৈক্ষিক পৰিষদৰ সদস্য, সাংবাদিককে ধৰি বৃহৎ সংখ্যক লোকে অংশগ্রহণ কৰে৷

The post কটন বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠা দিৱসঃ ভার্চুৱেল পদ্ধতিত অনুষ্ঠিত হ’ল সভা appeared first on News Live TV.



from News Live TV https://ift.tt/3fNnwgE
via IFTTT

Comments