১০০০ টকাত বিক্রী ক’ভিড ভেকচিনঃ পাণবজাৰ থানাত গোচৰ ৰুজু অসম ড্রাগ্ছ ডীলাৰ এছ’চিয়েচনৰ

গুৱাহাটী: ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ লৈছে৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ কঠোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ ইয়াৰ উপৰি ক’ৰোনাৰ সংক্রমণ ৰোধ কৰিবলৈ আন্তঃজিলা যাতায়াত অহা ৫ জুনলৈ বন্ধ ৰাখিছে৷ কেন্দ্রীয় চৰকাৰে ক’ভিডৰ পৰা ৰক্ষা পাবলৈ ৰাইজক ভেকচিন ল’বলৈ আহ্বান জনাইছে৷

কেন্দ্রীয় চৰকাৰৰ নির্দেশ মর্মে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ ভেকচিন প্রদান কৰি আছে৷ কিন্তু একাংশ তথাকথিত স্বেচ্ছাসেৱী সংগঠনে স্বাস্থ্য বিভাগৰ পৰা বিনামূলীয়াকৈ ভেকচিন সংগ্রহ কৰি ১০০০ টকাৰ বিনিময়ত প্রদান কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ শেহতীয়াকৈ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ পৰা কেমিষ্ট এণ্ড ড্রাগিষ্ট এছ’চিয়েচন নামৰ সংগঠনটোৱে বিনামূলীয়া ভেকচিন শিবিৰ অনুষ্ঠিত কৰাৰ নামত ক’ভিড ভেকচিন সংগ্রহ কৰে৷ এছ’চিয়েচনৰ সভাপতি নটোৱাৰলাল আগৰৱাল আৰু সাধাৰণ সম্পাদক জিতু বর্মনে স্বাস্থ্য বিভাগৰ পৰা সংগ্রহ কৰা বিনামূলীয়া ভেকচিন পাণবজাৰৰ একাংশ ঔষধৰ ব্যৱসায়ীৰ পৰা এহেজাৰ টকা লৈ ভেকচিন প্রদান কৰে৷

এই কথা জানিব পাৰি অসম ড্রাগ্ছ ডীলাৰ এছ’চিয়েচনৰ সাধাৰণ সম্পাদক বিক্রমানন্দ চৌধুৰীয়ে পাণবজাৰ থানাত কেমিষ্ট এণ্ড ড্রাগিষ্ট এছ’চিয়েচনৰ সভাপতি নটোৱাৰলাল আগৰৱাল, সাধাৰণ সম্পাদক জিতু বর্মন, কোষাধ্যক্ষ দীপক আগৰৱালৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ ৰুজু কৰে৷ আজি অসম ড্রাগ্ছ ডীলাৰ এছ’চিয়েচনৰ সাধাৰণ সম্পাদক বিক্রমানন্দ চৌধুৰীয়ে পাণবজাৰত এখন সংবাদ মেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে কেমিষ্ট এণ্ড ড্রাগিষ্ট এছ’চিয়েচন নামৰ সংগঠনটোৱে বিনামূলীয়া ক’ভিড ভেকচিন প্রদানৰ নামত চলাই থকা ব্যৱসায়ৰ কথা তথ্যসহকাৰে ৰাজহুৱা কৰে৷

স্বাস্থ্য বিভাগৰ সঞ্চালককো অসম ড্রাগ্ছ ডীলাৰ এছ’চিয়েচনে এই বিষয়ে অৱগত কৰে৷ অসম ড্রাগ্ছ ডীলাৰ এছ’চিয়েচনৰ ভিত্তিত স্বাস্থ্য বিভাগৰ সঞ্চালকে কেমিষ্ট এণ্ড ড্রাগিষ্ট এছ’চিয়েচনক বিনামূলীয়া ভেকচিন যোগান বন্ধ কৰি দিয়ে৷ ক’ভিডসৃষ্ট এই জটিল পৰিস্থিতিৰ সময়ত এটা ভেকচিনৰ বাবে সাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে৷ কিন্তু একাংশ তথাকথিত স্বেচ্ছাসেৱী সংগঠনে বিনামূলীয়া ক’ভিড ভেকচিন প্রদানৰ নামত বৃহৎ ব্যৱসায় আৰম্ভ কৰা বিষয়টোৱে সকলোকে হতচকিত কৰি তুলিছে৷ বিনামূলীয়া ক’ভিড ভেকচিনক লৈ বেহা চলোৱা কেমিষ্ট এণ্ড ড্রাগিষ্ট এছ’চিয়েচনৰ বিৰুদ্ধে চৰকাৰ তথা আৰক্ষী–প্রশাসনক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে অসম ড্রাগ্ছ ডীলাৰ এছ’চিয়েচনে৷

The post ১০০০ টকাত বিক্রী ক’ভিড ভেকচিনঃ পাণবজাৰ থানাত গোচৰ ৰুজু অসম ড্রাগ্ছ ডীলাৰ এছ’চিয়েচনৰ appeared first on News Live TV.



from News Live TV https://ift.tt/3uhiqi1
via IFTTT

Comments