ওদালগুৰিত গ্রেপ্তাৰ ৭ এনএলএফবি উগ্রপন্থী

গুৱাহাটী:  সকলো বড়ো বিদ্রোহী সংগঠন মূলসুঁতিলৈ ঘূৰি আহি বড়োভূমিত এক শান্তিৰ বাতাৱৰণ বিৰাজ কৰাৰ সময়তে প্রাক্তন এনডিএফবি সদস্য বি বাথাৰ নেতৃত্বত নতুনকৈ ভূমিষ্ঠ হোৱা নেচনেল লিবাৰেচন ফ্রণ্ট অৱ বড়োলেণ্ড, চমুকৈ এনএলএফবিয়ে অঞ্চলটোত বিভিন্ন প্রান্তত সদস্যভর্তিৰ লগতে অন্যান্য সাংগঠনিক কার্যকলাপ অব্যাহত ৰাখিছিল৷

চোৰাংচোৱাৰ জৰিয়তে এই খবৰ আৰক্ষীয়ে লাভ কৰাৰ পাছতেই বড়োভূমিৰ বিভিন্ন প্রান্তৰ লগতে ওদালগুৰি জিলাতো সংগঠনটোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ যোৱা দুটা দিন ধৰি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰু হৰিশিঙা অঞ্চলত আৰক্ষীয়ে অভিযান চলাই সাতজনকৈ এনএলএফবি সদস্যক গ্রেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা পাঁচটা ম’বাইল হেণ্ডছেট, ১৫খন ছিমকার্ড আৰু নগদ ছয় হাজাৰ টকা জব্দ কৰে৷

প্রাপ্ত তথ্য মতে, নতুনকৈ ভূমিষ্ঠ হোৱা এনএলএফবি নামৰ সংগঠনটোৰ নামত ওদালগুৰি জিলাৰ বিভিন্ন প্রান্তত সদস্যসকলে ধনদাবীকে আদি কৰি অন্যান্য অসামাজিক কার্যকলাপ অব্যাহত ৰাখিছিল৷ আৰক্ষীয়ে লাভ কৰা বিশেষ খবৰৰ ভিত্তিত যোৱা দেওবাৰৰ পৰা ওদালগুৰি জিলাৰ হৰিশিঙা আৰু ভৈৰৱকুণ্ড অঞ্চলত অভিযান চলাই নতুন বিদ্রোহী সংগঠনটোৰ সাতজন সদস্যক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

গ্রেপ্তাৰ হোৱা যুৱককেইজন হৈছে ক্রমে ৰবীন্দ্র বসুমতাৰী, বর্ণবাচ বসুমতাৰী, পাৱল গয়াৰী, কুন্দন সিং, প্রচেন দৈমাৰী, চনিকু দৈমাৰী আৰু ৰাজেন্দ্র বসুমতাৰী৷ এই যুৱককেইজনৰ ঘৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰু হৰিশিঙা অঞ্চলত৷ আৰক্ষীয়ে ওদালগুৰি থানাত ৭০/২১ নম্বৰত এক গোচৰ ৰুজু কৰি এনএলএফবি সদস্যকেইজনক গ্রেপ্তাৰৰ পাছতেই স্বাস্থ্য পৰীক্ষা কৰোৱাই জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

The post ওদালগুৰিত গ্রেপ্তাৰ ৭ এনএলএফবি উগ্রপন্থী appeared first on News Live TV.



from News Live TV https://ift.tt/3oQLdbT
via IFTTT

Comments