২০৫–১৮৩ টকালৈ বৃদ্ধি ব্রহ্মপুত্র–বৰাক উপত্যকাৰ শ্রমিকৰ মজুৰি
গুৱাহাটী: চাহ শ্রমিকসকলৰ মজুৰি বৃদ্ধিৰ বিষয়টোক অত্যন্ত গুৰুত্ব সহকাৰে গ্রহণ কৰিছে ৰাজ্যৰ নতুন চৰকাৰখনে৷ চাহ শ্রমিকসকলে যাতে প্রাপ্য মজুৰি লাভ কৰে, তাৰ বাবে চৰকাৰখনে তৎপৰতাৰে পদক্ষেপ গ্রহণ কৰিছে৷ প্রাথমিক পদক্ষেপ হিচাপে শুকুৰবাৰে চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে চাহ বাগিচাৰ মালিক পক্ষক প্রতিনিধিত্ব কৰা একাংশ সংগঠন আৰু কেইবাটাও চাহ শ্রমিক সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ ইয়াৰ লগে লগে ব্রহ্মপুত্র উপত্যকাত চাহ শ্রমিকসকলৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰা ২০৫ টকালৈ বৃদ্ধি পাব৷ সমান্তৰালভাৱে বৰাক উপত্যকাত চাহ শ্রমিককসকলৰ মজুৰি ১৪৫ টকাৰ পরা ১৮৩ টকালৈ বৃদ্ধি পাব৷
অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকখনত চাহ জনগোষ্ঠী সংগঠনসমূহৰ দীর্ঘদিনীয়া দাবীৰ পৰিপ্রেক্ষিতত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এই বর্ধিত মজুৰি চলিত বর্ষৰ ২৩ ফেব্রুৱাৰীৰ পৰা কার্যকৰী হ’ব৷ উল্লেখ্য যে ইয়াৰ পূর্বে চৰকাৰে চাহ শ্রমিকৰ দৈনিক মজুৰি ২১৭ টকালৈ বৃদ্ধি কৰিছিল যদিও সমগ্র বিষয়টো আদালতৰ বিচাৰাধীন হৈ থকাত বর্ধিত মজুৰি কার্যকৰী কৰিব পৰা নাছিল৷ যাৰ বাবে তাৎক্ষণিকভাৱে শুকুৰবাৰৰ আলোচনাৰ জৰিয়তে চাহ শ্রমিকসকলৰ মজুৰি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ চাহ শ্রমিকৰ কল্যাণৰ প্রতি থকা চৰকাৰৰ দায়বদ্ধতাৰ বাবে বাকী ১২ টকাৰ মজুৰি বৃদ্ধি বিষয়টো সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰি অচিৰেই এক সিদ্ধান্ত গ্রহণ কৰা হ’ব৷
শুকুৰবাৰৰ বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, সাংসদ পল্লৱলোচন দাস, বিধায়ক ৰূপেশ গোৱালা, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱনসিং ঘাটোৱাৰ, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাৰ উপৰি বিভিন্ন দল–সংগঠনৰ প্রতিনিধি উপস্থিত থাকে৷
The post ২০৫–১৮৩ টকালৈ বৃদ্ধি ব্রহ্মপুত্র–বৰাক উপত্যকাৰ শ্রমিকৰ মজুৰি appeared first on News Live TV.
from News Live TV https://ift.tt/3fRycuE
via IFTTT
Comments
Post a Comment