বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ এপিচিচিৰ সভাপতি ৰিপুন বৰালৈ পত্ৰ প্ৰেৰণ…

ডিজিটেল ডেস্কঃ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই এপিচিচিৰ সভাপতি ৰিপুন বৰালৈ প্ৰেৰণ কৰিছে এক পত্ৰ। এই পত্ৰত বিৰোধী দলপতিগৰাকীয়ে লিখিছে- যোৱা দুটা দিন ধৰি সামাজিক মাধ্যম তথা বৃহস্পতিবাৰে পুৱাৰ কেতবোৰ বাতৰিকাকতত বিধায়িনী দলৰ সদস্য ভৰত নৰহ ডাঙৰীয়াই ৰাজ্যপালৰ ভাষণৰ প্ৰত্যুত্তৰত দাঙি ধৰা নিজ বক্তব্যত কৰা এটা মন্তব্যৰ এটা বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা দৃষ্টিগোচৰ হৈছে আপোনাৰ। লগতে তেওঁ লিখিছে পত্ৰখনত- ‘প্ৰকৃততে অসমত ১২০৫ চনত আলিমেছ নামৰ এজন ব্যক্তিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ তথ্য পোৱা যায়। অনুৰূপ ধৰণে আহোম সকলে ১২২৮ খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰাৰ কথা আমি সকলোৱা জানো। কিন্তু সম সাময়িক ইতিহাসত চৰ চাপৰিৰ বাসিন্দা হিচাপে যি সকল লোকক বুজা যায় সেই সকল অসমত আহোমৰ আগমন পৰৱৰ্তী সময়ত বৃটিছ সাম্ৰাজ্যৰ অসমত বিস্তাৰৰ সময়তহে বসতি স্থাপন হোৱাটো আমাৰ সকলোৰে জ্ঞাত।’
পঢ়িবলৈ ক্লিক কৰকঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চলত অবৈধ দখলদাৰীৰ বিৰুদ্ধে পুনৰ উচ্ছেদ অভিযান…
‘অৱশ্যে অসম তথা উত্তৰ পূবৰ খিলঞ্জীয়া মিচিং সম্প্ৰদায়ে ঘাইকৈ উজনী অসম আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চৰ চাপৰি অঞ্চলত বহু শতিকা ধৰি বাস কৰাৰ কথা সকলোৰে জ্ঞাত। সেই হেতুকে তেওঁলোকক ভূমি পুত্ৰ হিচাপে অনুসূচিত জনজাতিৰ মৰ্যাদা স্বাধীনতা কালত বহু পূৰ্বে প্ৰদান কৰা হৈছে। কিন্তু ভৰত নৰহ ডাঙৰীয়াৰ মন্তব্যত চৰ চাপৰিৰ শতিকা পুৰণি খিলঞ্জীয় বাসিন্দা আৰু বৃটিছ চৰকাৰৰ সময়ত অথবা তাৰ পিছত অহা পূৰ্ব বংগীয় মূলৰ বাসিন্দাৰ মাজত কোনো পাৰ্থক্য কৰা দেখা নগ’ল, যাৰ বাবে শেহতীয়া বিতৰ্কৰ সৃষ্টি হৈছে। কিন্তু ভৰত নৰহে তেখেতৰ বক্তব্যত ১২০৫চনত অসমত থকা ইছলাম ধৰ্মীৰ লোকসকলৰ তথ্যৰ ভিত্তিতে চৰ চাপৰিত বসবাস কৰা লোকসকলে ১২০৫চনৰ পৰায়ে অসমৰ চৰ চাপৰিত আছে বুলিয়ে উল্লেখ কৰে আৰু আহোম সকল ১২০৫ চনৰ পৰৱৰ্তী সময়ত অহা বাবে চৰ চাপৰি লোকসকল আহোম সকলতকৈ আগতে অহা বুলি বিভ্ৰান্তি মূলক তথ্য উদ্ধৃতি দিয়ে। ভৰত নৰহে এটা গুৰুত্বপূৰ্ণ দিশক সম্পূৰ্ণভাৱে আওকাণ কৰিলে যিটো হ’লে যে মহাপুৰুষ শংকৰদেৱৰ মহা আবিৰ্ভাৱৰ আগতেই স্বৰ্গদেউ চুকাফা আৰু তেখেতৰ বংশধৰ সকলে অবিভক্ত অসমত সাতৰাজ একত্ৰিত কৰি বৰ অসমৰ ভেটি গঢ়িছিল। সেয়েহে এই বিসংগতিপূৰ্ণ তথ্যৰ বাবে অসমৰ বিভিন্ন সচেতন মহলত ভৰত নৰহৰ বক্তব্যৰ ওপৰত বিৰোপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু মই সেয়েহে ভৰত নৰহ ডাঙৰীয়াক তেখেতৰ তথ্য শুদ্ধ কৰি সকলোকে জ্ঞাত কৰিবলৈ আৰু বিধানসভাক অৱগত কৰিবলৈ ইতিমধ্যে জনাইছো’- বুলিও পত্ৰখনত ক’লে বিৰোধী দলপতিগৰাকীয়ে।
The post বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ এপিচিচিৰ সভাপতি ৰিপুন বৰালৈ পত্ৰ প্ৰেৰণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Tkq6TH
via IFTTT
Comments
Post a Comment