প্ৰৱল ইচ্ছাশক্তি! নগাঁৱৰ ৯৮বছৰীয়া ককাই জয় কৰিলে কোৰোনাক…

ডিজিটেল সংবাদ, পুৰণিগুদামঃ  কোৰোনাকেন্দ্ৰিক পৰিস্থিতি দেশত পূৰ্বতকৈ কিছু উন্নত হৈছে। পূৰ্বে প্ৰায় ২৪ঘন্টাত ৩লাখৰো অধিক লোক কোৰোনাত আক্ৰান্ত হোৱা ভাৰতত শেহতীয়াকৈ আক্ৰান্তৰ সংখ্যা যথেষ্ট কমিছে। যোৱা ২৪ঘন্টাত ভাৰতত ১লাখ ৬৫হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।

কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্থ কৰা দুখন ৰাজ্য মহাৰাষ্ট্ৰ আৰু দিল্লীতো শেহতীয়াকৈ নিয়ন্ত্ৰণলৈ আহিছে কোৰোনা। কোৰোনাৰ দ্বিতীয় ঢৌয়ে বিধ্বস্ত কৰি তোলা দিল্লীত পজিটিভিটীৰ হাৰ ১.৫০শতাংশৈ হ্ৰাস পাইছে।

অসমৰ প্ৰেক্ষাপটত কোভিড পৰিস্থিতি বৰ বেছি উন্নত হোৱা নাই যদিও পজিটিভিটীৰ হাৰ সন্তোষজনক। বৰ্তমান অসমত পজিটিভিটী হাৰ ৫ শতাংশৰো তলত। কোভিড ১৯ত আক্ৰান্ত হৈ যি সময়ত বহু লোকৰ মৃত্যু হৈছে ।ঠিক তেনে সময়তে আহিছে এটা ভাল খবৰ ।

৯৮ বছৰ বয়সীয়া এগৰাকী ব্যক্তিয়ে জয় কৰিলে কোভিডক । এজন প্ৰকৃত যোদ্ধা ।নগাঁও জিলাৰ পুৰণিগুদাম চলচলিৰ এজন  মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰা, বয়স ৯৮ বছৰ। ৰাষ্ট্ৰপতি পুৰস্কাৰ, ৰাজ্য চৰকাৰৰ পৰা পোৱা তামৰ ফলিকে আদি কৰি সম্প্ৰতি মুক্তিযোদ্ধা পেঞ্চন প্ৰাপ্ত চলচলি বিৰহী গাঁৱৰ নৰেন্দ্ৰ নাথ দাধৰা ক’ভিড-১৯ত আক্ৰান্ত হৈছিল যোৱা ১২ মে’ তাৰিখে।

১৩ মে’ত নগাঁও জিলাৰ অন্যতম মুক্তিযোদ্ধা গৰাকীয়ে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাবোধ কৰাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত থকা ক’ভিড বাৰ্ডত।

ক্লিক কৰি পঢ়কঃ নাৰায়ণপুৰত ‘ক’ৰণাই গৰকা সময়’ শীৰ্ষক গ্ৰন্থ উন্মোচন…

কিন্ত একান্ত আত্মবিশ্বাসৰ গৰাকী দাধৰা অতি কম দিনৰ ভিতৰতে পুনৰ সুস্থ হৈ উভতি আহিল নিজৰ ঘৰলৈ। মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰাৰ লগতে ক’ভিড-১৯ত আক্ৰান্ত হৈছিল তেখেতৰ ৮৫ বছৰীয়া পত্নী সহ পৰিয়ালটোৰ প্ৰায় ৬ জনকৈ ব্যক্তিৰ। অৱশ্যে যোৱা ১৮ মে’ত দাধৰাৰ লগতে পৰিয়ালটোৰ আটাইৰে ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল নিগেটিভ অহাত অৱশেষত ক’ভিড মুক্ত হয় নৰেন্দ্ৰ নাথ দাধৰাৰ পৰিয়ালটো।

এই মাৰাত্মক ক’ভিড যুদ্ধ খনত সাহসেৰে জয় কৰাৰ অন্তৰালত যে ৯৮ বছৰীয়া মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰাৰ অদম্য মনোবলেই আছিল তাক এতিয়া একেমুখে স্বীকাৰ কৰিছে পৰিয়ালৰ লোকে।

মাত্ৰ চাৰি দিনৰ মুৰতেই ক’ভিড চিকিৎসালয়ৰ পৰা তুলনামূলক ভাৱে সুস্থহৈ উভতি আহিবলৈ সক্ষম হোৱা মুক্তিযোদ্ধা গৰাকীয়ে আনকি উভতি অহাৰ পূৰ্বে চিকিৎসালয় খনত সাহসো প্ৰদান কৰিছিল সতীৰ্থ আন ক’ভিড ৰোগী সকলক।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতত এতিয়ালৈকে ২০কোটিৰো অধিক লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। বিগত সময়ত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰু অদিক তুৰাম্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও সদৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।

The post প্ৰৱল ইচ্ছাশক্তি! নগাঁৱৰ ৯৮বছৰীয়া ককাই জয় কৰিলে কোৰোনাক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RVGhXh
via IFTTT

Comments