নলবাৰীৰ জাপি শিল্পৰ সংকট, কোৰোনাৰ চেঁপাত দিশহাৰা শিল্পী…

ডিজিটেল সংবাদ, তিলানা-মুগকুছিঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত নলবাৰী জিলাৰ জাপি শিল্পলৈ অশনি সংকট নামি আহিছে। উল্লেখ্য যে জিলা খনৰ মুগকুছি, তিলানা, কৰ্দৈতোলা, সুতাৰকুছি, তেৰেছিয়া, দোমাহীতোলা আদি অঞ্চলৰ অধিকাংশ লোকেই জাপি শিল্পৰ সৈতে জড়িত হৈ জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু ক’ৰোনাৰ মহামাৰীৰ দ্বিতীয় সংক্ৰমনৰ ভয়াবহতাৰ বাবে চৰকাৰে বান্ধি দিয়া কিছু নিয়মৰ বাবে সম্প্ৰতি জাপি শিল্পী সকলৰ উপাৰ্জনৰ পথ সমুলি বন্ধহৈ পৰাত পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

উল্লেখ্য যে শিল্পী সকলে বিগত বৰ্ষৰ মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনৰ বাবে যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱাৰ পিছত ভাল দিন অহাৰ আশাত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বহাগ বিহুৰ উদ্যেশ্যে নানা তৰহৰ জাপি তৈয়াৰত শিল্পী সকলে মনোনিৱেশ কৰিছিল। কিন্তু দুখৰ বিষয় যে এইবাৰো বহাগ বিহুৰ মাজতে পুনৰ ক’ৰোনাৰ দ্বিতীয় ঢৌৱে শিল্পী সকলৰ দু-পইচা অৰ্জনৰ পথ স্তব্ধ কৰি দিয়ে। ক’ৰোনাৰ মহামাৰীৰ ভয়াবহতাৰ কৰাল গ্ৰাহত পৰি সম্প্ৰতি পৰিয়াল পোহপাল দিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা একাংশ শিল্পীয়ে আনৰ ঘৰত দিন হাজিৰা কৰিৱ লগা অৱস্থাৰ সন্মুখীন হৈছে।

কৰ্দৈতোলাৰ জাপি শিল্পী ক্ৰমে মোহন কলিতা, বালামুগকুছিৰ বিপিন বৈশ্য, তিলানাৰ নৃপেন তামুলী, ধনো তামুলী, তেৰেছা, দিঘেলীৰ কেবাগৰাকী শিল্পীয়ে জাপি নিৰ্মান তথা ব্যৱসায় বন্ধ ৰাখিৱ লগা হোৱাত পৰিয়াল পোহপাল দিয়াতো যথেষ্ট কষ্টকৰ হোৱা বুলি দুখেৰে জনায়। ক’ৰোনাৰ প্ৰথম সংক্ৰমন হ্ৰাস পোৱাত চলিত বৰ্ষৰ বহাগ বিহুৰ বাবে শিল্পী তথা ব্যৱসায়ী কেইগৰাকীয়ে কেবা লক্ষ টকাৰ ফুলাম জাপি নিৰ্মান কৰিছিল। কিন্তু হঠাৎ বিহু চলি থকাৰ মাজতে ক’ৰোনাৰ দ্বিতীয় সংক্ৰমনৰ ঢৌ ভয়াবহ হোৱাত চৰকাৰে এছ ও পি ডি বলবৎ কৰাত এইবাৰো ক্ষতিৰ সন্মুখীন হৱ লগা হয় শিল্পী তথা ব্যৱসায়ী সকল।

সম্প্ৰতি শিল্পী সকলে নিৰ্মিত জাপি সমুহ চাইয়ে হা-হুমনিয়াহ কাঢ়িৱ লগা হৈছে। ইপিনে শিল্পী সকলে বিহুৰ অৰ্ডাৰ অনুযায়ী নিৰ্মান কৰা লাখ লাখ ফুলাম জাপি অনুষ্ঠান বন্ধ হোৱাত সম্প্ৰতি ঘৰতে নষ্ট হোৱাৰ উপক্ৰম হৈছে। উল্লেখ্য যে শিল্পী সকলে ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ আৰু সাঁচতীয়া ধন ব্যয়ৰে জাপিৰ ব্যৱসায় কৰি বিহুৰ সময়ত বিক্ৰী কৰিৱ নোৱাৰাত সম্প্ৰতি শিল্পী সকলৰ অৰ্থনৈতিক অৱস্থা বাৰুকৈয়ে শোচনীয় হৈ পৰিছে।

ক্লিক কৰি পঢ়কঃ পুৱাৰ খবৰ…

যাৰ ফলত শিল্পী সকল অভাৱনীয় সমস্যাৰ সন্মুখীন হৈছে। উল্লেখ্য যে অঞ্চলটোৰ জাপি শিল্পৰ উন্নয়ণৰ স্বাৰ্থত মাত মাতি অহা তিলানা যুৱক সংঘৰ সভাপতি ধৰণীধৰ তামুলী আৰু সম্পাদক অৱনী কলিতা সহ একাংশ শিল্পীয়ে আজি জিলাখনৰ তিলানা, বালামুগকুছি, কৰ্দৈতোলা, সুতাৰকুছি, তেৰেছিয়া, দিঘেলী, দোমাহীতোলাকে ধৰি কেবাটাও অঞ্চলত গঢ়ি উঠা জাপি শিল্পটোৱে ক’ৰোনাৰ দ্বিতীয় সংক্ৰমনৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিকভাৱ প্ৰায় এক কোটি টকাৰ ক্ষতিৰ সন্মুখীন হোৱা বুলি সংবাদ মাধ্যমক জানিৱলৈ দিয়ে।

নলবাৰীৰ শিল্পী সকলৰ অন্ন-বস্ত্ৰৰ সমস্যাৰ সৈতে জড়িত জাপি শিল্প বিধ যোৱা বৰ্ষৰ মাৰ্চ মাহৰ পৰাই ক্ষতিৰ সন্মুখীন হৈ আহিছে। ইপিনে প্ৰতি বছৰে ব’হাগ বিহুৰ সময়ত ফুলাম জাপিৰ ব্যৱসায়ত শিল্পী সকলে যথেষ্ট লাভৰ মুখ দেখিবলৈ সক্ষম হয়। কিন্তু এইবাৰ শিল্পী সকলে প্ৰথমাবস্থাত কিছু ফুলাম জাপি বিক্ৰী কৰিছিল যদিও হঠাত ক’ৰোনা সংক্ৰমন হোৱাত সকলো অনুষ্ঠান বন্ধ হোৱাত শিল্পী সকলৰ আশাত বাৰুকৈ চেচা পানী পৰে।

দুৰ্ভগীয়া শিল্পী সকলক সহাঁয়ৰ ক্ষেত্ৰত নতুন চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নলবাৰীৰ ঐতিহ্যমণ্ডিত কুটিৰ শিল্পবিধক সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰৰ ওচৰত নলবাৰীৰ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে দাবী জনাইছে ।

The post নলবাৰীৰ জাপি শিল্পৰ সংকট, কোৰোনাৰ চেঁপাত দিশহাৰা শিল্পী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3p1htcn
via IFTTT

Comments