চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চলত অবৈধ দখলদাৰীৰ বিৰুদ্ধে পুনৰ উচ্ছেদ অভিযান…

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চলত বনসুৰক্ষা কৰ্মী  আৰু এছএছবিৰ সহযোগত উচ্ছেদ চলায় । বনবিভাগৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অবৈধ ভাৱে মানাহ সংৰক্ষিত বনাঞ্চলত প্ৰবেশ কৰি মূল্যবান গছগছনি কাটি তহিলং কৰি অবৈধ ভাৱে দখল কৰি ঘৰ সাজি খেতি কৰিবলৈ আৰম্ভ কৰে ।

পঢ়িবলৈ ক্লিক কৰকঃ অসমত পুনৰ ৫৭০৪জন কোভিড পজিটিভ, ৮৩জনৰ মৃত্যু…

বৃহস্পতিবাৰে চিৰাঙৰ বনবিভাগ কৰ্মচাৰী, বন সুৰক্ষাকৰ্মী আৰু এচএচবি দলে যৌথ ভাবে অভিযান চলাই বনাঞ্চলত অবৈধ ভাৱে নিৰ্মান কৰা ২৫ খন জুপুৰি ঘৰ অগ্নিসংযোগ কৰি ধ্বংস কৰি দিয়ে । আজিৰ এই উচ্ছেদৰ সন্দৰ্ভত চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে কয় যে মানাহ সংৰক্ষিত বনাঞ্চলত ওদালগুৰি বুলি নামাকৰণ কৰা এলেকাটো ইয়াৰ আগতেও উচ্ছেদ চলায় খালি কৰি দিয়া হৈছিল কিন্তু যোৱা বছৰ লকডাউনৰ সময়ত বনবিভাগৰ বাধা আৰোপ কৰা স্বত্ত্বেও এই সকল লোকে বনধ্বংশ কৰি অবৈধ ভাৱে ঘৰ বনাই বসবাস কৰি আছিল। 

তেওঁলোকক বহুবাৰ এই কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ বন বিভাগৰ পৰা অনুৰোধ জনোৱা হৈছিল কিন্তু তেওঁলোকে বনবিভাগৰ কথা অমান্য কৰি জুপুৰি বনাই বসবাস কৰি আছিলে যাৰ কাৰণে বাধ্য হৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে । উল্লেখ্য যে, পাঁচ দিন পূৰ্বেও মানাহ সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে দখল কৰা ঘৰদুৱাৰ ভাঙি অগ্নিসংযোগ কৰি দখল মুক্ত কৰিছিল। ইয়াকে লৈ কেইবাটাও দল সংগঠনে বনবিভাগৰ এই সংৰক্ষিত  বনাঞ্চল মুক্ত কৰা কাৰ্য্যক উচ্ছেদ অভিযান নাম দি এই কাৰ্য্যক তীব্ৰ বিৰোধিতা কৰি অভিযান বন্ধ কৰাৰ দাবী কৰিছিল ।

বনবিভাগৰ এই এই সংৰক্ষিত বনাঞ্চল ৰক্ষা কৰা কাৰ্য্যক সমৰ্থন জনাই বিটিআৰৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় যে- যি সকলে উচ্ছেদ কৰা বুলি অভিযোগ কৰি আছে সেয়া কোনো জনবসতি স্থল নহয় সেয়া আচলতে বন্যহস্তীৰ বিচৰণ স্থলীহে । বিটিচি নিৰ্ব্বাচনত পৰাজয় হোৱাৰ পিচত বিপিএফ দলৰ কেইজনমান লোকক বিতৰ্ক সৃষ্টি কৰাৰ লক্ষ্যৰে  উক্ত বনাঞ্চলত বহুৱাইছিল বুলি অভিযোগ উত্থাপন কৰে বসুমতাৰীয়ে ।

The post চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চলত অবৈধ দখলদাৰীৰ বিৰুদ্ধে পুনৰ উচ্ছেদ অভিযান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3wFc5hP
via IFTTT

Comments