ঢকুৱাখনা লাইন্স ক্লাৱৰ কোৰোনাক্ৰান্তক খাদ্য সম্ভাৰ বিতৰণ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: অতিমাৰী কোৰোনাৰ সৰ্বগ্ৰাসী হাতোৰাই ঢকুৱাখনা নগৰাঞ্চল চানি ধৰাৰ সময়তে কোৰোনাক্ৰান্ত পৰিয়াল সমূহৰ উদ্ধাৰৰ বাবে আগবাঢ়িছে এটা সংগঠন। লাইন্স ক্লাৱৰ ঢকুৱাখনা শাখাৰ কৰ্মকৰ্তা সকলে বৃহস্পতি বাৰে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত “আবদ্ধ ঘোষিত” মুঠ ২৩ টা কোভিড আক্ৰান্ত পৰিয়ালক নিত্য ব্যৱহার্য খাদ্য সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰীৰ টোপোলা বিনামূলীয়া ভাবে বিতৰণ কৰে।

ক্লাৱৰ হৈ সুনীল শৰ্মা , ৰাজু চুতীয়া, আলোক জৈন , দেবাঙ্গ গগৈ , মনিশ জৈন আদিয়ে কোভিড নিৰ্দেশণা মানি ঢকুৱাখনাৰ মুঠ ২৩টা কোৰোনাক্ৰান্ত পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সহ অন্যান্য সামগ্ৰী যোগান ধৰা জনহিতৈষী কাৰ্যসূচীত আশা কৰ্মী দীপা দত্তয়ো সহযোগিতা আগবঢ়াই ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত অসমত নতুনকৈ ৫৭০৪জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৯২৫৭৪জনলৈ পাইছে বৃদ্ধি। ইফালে, দিনটোত কোৰোনাত আক্ৰান্ত ৪৭৮৪ জন সুস্থ হৈছে আৰু ৮৩জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।

The post ঢকুৱাখনা লাইন্স ক্লাৱৰ কোৰোনাক্ৰান্তক খাদ্য সম্ভাৰ বিতৰণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fq6PJ4
via IFTTT

Comments