ৰাইজৰ সহযোগত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীসহ মহিলা গাঞ্জা ব্যৱসায়ীক
দীৰ্ঘদিনে শিৱসাগৰ নগৰত মুকলিকৈ ড্ৰাগছৰ ব্যৱসায় চলাই থকা জিম্পী ওৰফে মুস্তাক আহমেদক আটক কৰা হৈছে।
দেওবাৰে শিৱসাগৰ আৰক্ষীয়ে এক অভিযান চলাই দুজন ড্ৰাগছ ব্যৱসায়ী আৰু গাঞ্জা সহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। শিৰোমণি ডেকা নামৰ গাঞ্জা ব্যৱসায়ী গৰাকীৰ পৰা প্ৰায় ৪০০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।
উল্লেখ্য যে দেওবাৰে কেইজনমান সমাজ সচেতন যুৱকে গৌৰৱ নগৰৰ পৰা সুনিল নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিয়ে।
আৰক্ষীয়ে সুনিলক সোধাপোচা কৰাত তেওঁ বাবুপট্টিৰ জিম্পী এৰফে মুস্তাক আহমেদ নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ড্ৰাগছ যোগান ধৰাৰ কথা কয়। আৰক্ষীয়ে লগে লগে বাবুপট্টিৰ বৰা ৰোডত থকা জিম্পীৰ বাসগৃহত তালাচী চলায় আৰু তাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে।
জিম্পী নামৰ এই ড্ৰাগছ মাফিয়াটোৱে দীৰ্ঘদিন ধৰি বাবুপট্টি অঞ্চলৰ পৰা ড্ৰাগছৰ ব্যৱাসায় চলাই আহিছিল।
বাবুপট্টীৰ মছজিদৰ সন্মুখতেই নলাৰ ওপৰত এখন দোকান দি তাৰ পৰাই ড্ৰাগছৰ ব্যৱসায় কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। নলাৰ ওপৰত অবৈধভাৱে স্থাপন কৰা উক্ত দোকানখন তাৰপৰা উঠাই দিবলৈ স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে।
ইপিনে এইগৰাকী জিম্পীক কেইদিনমানৰ আগতে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছিল যদিও পিছদিনাই তেওঁক মুকলি কৰি দিছিল।
অৱশেষত শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে লোৱা কঠোৰ স্থিতিৰ বাবে দেওবাৰে এই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এই দুই ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে আন দুজন ড্ৰাগছ আসক্ত যুৱককো গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।
আনহাতে, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আব্দুল নুৰ আলিৰ ড্ৰাগছ মাফিয়া জিম্পীয়ে থানাৰ চৌহদতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। ঘটনাৰ সন্দৰ্ভত সাংবাদিক গৰাকীয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত জিম্পী ওৰফে মুস্তাক আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
দীৰ্ঘদিন ধৰি শিৱসাগৰত ড্ৰাগছৰ ব্যৱসায় কৰি বহু যুৱক যুৱতীৰ জীৱন ধ্বংস কৰা এইসকল ড্ৰাগছ মাফিয়াক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ শিৱসাগৰ আৰক্ষী অধীক্ষক অনুৰোধ জনাইছে শিৱসাগৰবাসীয়ে।
The post ৰাইজৰ সহযোগত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীসহ মহিলা গাঞ্জা ব্যৱসায়ীক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2R7AlKv
via IFTTT
Comments
Post a Comment