যোগ-আয়ুৰ্বেদৰ ‘ডবল ড’জ’ লৈছো, কৰ’না ভেকচিনৰ মোৰ প্ৰয়োজন নাই: বাবা ৰামদেৱ

পুনৰ এবাৰ এল’পেথিকৰ প্ৰতি হীনতা প্ৰদৰ্শন কৰিলে যোগগুৰু বাবা ৰামদেৱে। তেওঁ কয় যে ভৱিষ্যতে গোটেই বিশ্বতে আয়ুৰ্বেদিকৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাব।

ৰামদেৱে লগতে কয়,’’মই যোৱা বহু কেইবছৰ ধৰি যোগ আৰু আয়ুৰ্বেদৰৰ ডবল ড’জ লৈছো। মোৰ কৰ’নাৰ ভেকচিনৰ প্ৰয়োজন নাই।‘’

যোগগুৰু ৰামদেৱে লগতে পুনৰ এবাৰ অভিযোগ কৰে যে বিগত ১৫ মাহ ধৰি যে ইমান মানুহৰ মৃত্যু হৈছে, সেয়া ৰোধ কৰাত ব্যৰ্থ হৈছে এল’পেথি। ইয়ে প্ৰমান কৰে এল’পেথিয়ে পূৰ্ণাংগ চিকিৎসা আগবঢ়াব নোৱাৰে।

দেওবাৰে ৰামদেৱে কয়,’’মই বিগত বহু বছৰ ধৰি যোগ আৰু আয়ুৰ্বেদৰ ডবল ড’জ লৈ আহিছো। ইয়েই মোৰ বাবে যথেষ্ট। মোৰ কৰ’নাৰ ভেকচিনৰ প্ৰয়োজন নাই। ১০০ কোটি ভাৰতীয় তথা ভৱিষ্যতে সমগ্ৰ বিশ্বই আয়ুৰ্বেদক গ্ৰহণ কৰিব। সমাজৰ একাংশই ইচ্ছাকৃতভাৱে আয়ুৰ্বেদক উপেক্ষা কৰিছে।‘’

উল্লেখ্য যে শেহতীয়াকৈ ৰামদেৱৰ এটা ভাইৰেল ভিডিঅ’ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাত ৰামদেৱে এল’পেথি চিকিৎসাক লৈ কৰা মন্তব্যই ব্যাপক বিতৰ্কৰ সূচনা কৰে। ভিডিঅ’টোত ৰামদেৱে এল’পেথিৰ বাবেই হেনো কৰ’নাত ইমান মানুহৰ মৃত্যু হৈছে বুলি মন্তব্য কৰিছিল।

আন এটা ভিডিঅ’ত কৰ’না ভেকচিনৰ কাৰ্যকৰিতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছিল যোগগুৰু ৰামদেৱে।

ৰামদেৱৰ বক্তৱ্যক লৈ ইতিমধ্যে ক্ষুন্ন হৈ পৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন(আইএমএ)। সংস্থাটোৰ পৰা ৰামদেৱলৈ আইনী জাননীও প্ৰেৰণ কৰা হৈছে। যোগগুৰুগৰাকীক ইয়াৰ বাবে ক্ষমা খুজিবলৈ কোৱা হৈছে।

ৰামদেৱৰ ফালৰ পৰা বিষয়টো মীমাংসা কৰাৰ চেষ্টা কৰা হয় আৰু এল’পেথিক লৈ তেওঁৰ মনত কোনো বিদ্বেষ নাই বুলি ব্যক্ত কৰে।

কিন্তু বিষয়টো তাতেই শেষ নহ’ল। তাৰ পাছতো ৰামদেৱে এল’পেথিক লৈ বিৰূপ মন্তব্য কৰে। পুনৰ বিতৰ্ক আৰম্ভ হোৱাৰ পাছত আইএমএৰ ফালৰ পৰা মানহানিৰ গোচৰ তৰা হয়। যোগগুৰুৰ ৰামদেৱৰ বিৰুদ্ধে দেশৰ বিভিন্ন থানাত লিখিত অভিযোগ দাখিল কৰা হৈছে।

The post যোগ-আয়ুৰ্বেদৰ ‘ডবল ড’জ’ লৈছো, কৰ’না ভেকচিনৰ মোৰ প্ৰয়োজন নাই: বাবা ৰামদেৱ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3vB9yVH
via IFTTT

Comments