যুৱতীক নিৰ্যাতন চলোৱা মূল অভিযুক্ত বাংলাদেশী টিকটক হৃদয়সহ দুজন কেনেকৈ গুলীবিদ্ধ হ’ল?
নাৰী সৰবৰাহকাৰী চক্ৰৰ অন্যতম অভিযুক্ত ঢাকাৰ টিকটক হৃদয় আৰু এজন আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে। বাংগালুৰুৰ পৰা আৰক্ষীয়ে মুঠ ছয়জনক গ্ৰেপ্তাৰ কৰিছিল।
জানিব পৰা মতে, অভিযুক্ত টিকটক হৃদয়ে পলোৱাৰ চেষ্টা কৰাত আৰক্ষীয়ে তাক লক্ষ্য কৰি গুলী চলায়। অভিযুক্তজনৰ সম্পূৰ্ণ নাম হৈছে ৰিফাজুল ইছলাম হৃদয় ওৰফে টিকটক।
ইপিনে, তদন্তৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে ঢাকা আৰক্ষীয়ে বাংগালুৰু আৰক্ষীৰ সৈতে যোগাযোগ চলাইছে। টিকটক হৃদয়ৰ সন্দৰ্ভত সৱিশেষ তথ্য প্ৰেৰণ কৰিছে ঢাকা আৰক্ষীয়ে। লগতে অপহৃত যুৱতীগৰাকীৰ তথ্যও দিছে।
উল্লেখ্য যে বাংলাদেশী যুৱতীগৰাকীক বিবস্ত্ৰ কৰি অমানুষিক নিৰ্যাতন চলোৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টোৰ সেই যুৱতীৰ লগতে নিৰ্যাতনকাৰী কেইজনো বাংলাদেশী নাগৰিক বুলি চিনাক্ত হৈছে।
ঢাকা আৰক্ষীয়ে ভিডিঅ’টো পৰীক্ষা কৰি সৱিশেষ তথ্য উদ্ঘাটন কৰিছে। অপহৃত যুৱতীগৰাকী বাংলাদেশৰ কিশোৰগঞ্জৰ বাসিন্দা আৰু কামৰ সন্ধানতচৌদি আৰৱলৈ যোৱাৰ চেষ্টা চলাইছিল।
ইয়াৰ মাজতেই ঢাকাৰ টিকটক হৃদয়ৰ সৈতে পৰিচয় ঘটে যুৱতীৰ। প্ৰেমৰ জালত পেলাই যুৱতীগৰাকীক নাৰী সৰবৰাহকাৰী চক্ৰটোৱে ভাৰতলৈ লৈ আনে। ইয়াতেই টিকটিকৰ লগতে তাৰ সহযোগীসকলে যুৱতীগৰাকীক ধৰ্ষণ নিৰ্যাতন চলায়।
কেৰালাৰ পৰা যুৱতীগৰাকীক কৰ্ণাটকলৈ আনি পতিতালয়ত বিক্ৰী কৰে। বাংগালুৰু আৰক্ষীয়ে ধৃত অভিযুক্তসকলক লৈ কেৰালাৰ কিছু স্থানত অভিযান চলায়। ইয়াতেই পলাবলৈ চেষ্টা কৰাৰ সময়ত মূল অভিযুক্ত টিকটক হৃদয় আৰু এজন আৰক্ষীৰ হাতত গুলীবিদ্ধ হয়। দুয়োজন অভিযুক্তৰে ঘৰ ঢাকাৰ মগবজাৰত।
যুৱতীগৰাকীক উদ্ধাৰৰ পাছত কৰ্ণাটকৰ আৰক্ষীয়ে আইনী প্ৰক্ৰিয়াৰ মাজেৰে বাংলাদেশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা লয়।
ঢাকা আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে ভাৰতলৈ আহি যৌন নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীৰ ঘৰ কিশেৰগঞ্জত। ২০১৪চনত কুৱেইটত থকা এজন যুৱকৰ সৈতে যুৱতীগৰাকীৰ বিয়া হয়। যুৱকৰ ঘৰখনে সেই মানি নোলোৱাত প্ৰায় ৫ বছৰ ধৰি যুৱতীগৰাকী কিশোৰগঞ্জৰ পিতৃৰ ঘৰতেই আছিল।
চৌদি আৰৱত কামৰ সন্ধানত ঢাকাৰ পৰা নিৰুদ্দিষ্ট হৈ পৰিছিল যুৱতীগৰাকী। তদন্তত পোহৰলৈ আহিছে যে ঢাকাত যুৱতীগৰাকীৰ সৈতে টিকটক হৃদয়ৰ অপৰাধী চক্ৰটোৰ চিনাকি হয়।
প্ৰেমৰ প্ৰলোভনেৰে ভাৰতলৈ পলুৱাই আনি যুৱতীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ পাছত পতিতালয়ত বিক্ৰী কৰি দিয়া হয়।
ইতিমধ্যে বাংগালুৰু আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত তথা নিৰ্যাতিতা যুৱতীগৰাকীক আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব।
The post যুৱতীক নিৰ্যাতন চলোৱা মূল অভিযুক্ত বাংলাদেশী টিকটক হৃদয়সহ দুজন কেনেকৈ গুলীবিদ্ধ হ’ল? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2R0nw4q
via IFTTT
Comments
Post a Comment