বিধায়ক আশ্ৰাফুল হুছাইনৰ বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ…

ডিজিটেল সংবাদ, নগৰবেৰাঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বৃহত্তৰ চৰাঞ্চলতো সম্প্ৰতি ভয়াবহ বানে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে । ইতিমধ্যে ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীয়ে চৰাঞ্চলৰ শ শ বিঘা খেতি পথাৰকে ধৰি বহুতো ঘৰ-দুৱাৰ,বাট-পথ, অনুষ্ঠান-প্ৰতিষ্ঠান আদি বানৰ পানীয়ে বুৰাই পেলাইছে। ফলত বানবিধ্বস্ত লোকসকলে নানা আহুকালৰ সন্মুখীন হৈ হাহাকাৰ কৰিবলগীয়া হৈছে।

এনে পৰিস্থিতিত আজি সমষ্টিটোৰ বিধায়ক আশ্ৰাফুল হুছাইনে চৰাঞ্চলৰ খোলাবান্ধা, কাছুমাৰা, মহচৰা, কেদেগী, আদুৰীপাৰা আদি বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ লগতে বন্যাৰ্ত্যৰ বিভিন্ন সমস্যাৰ বুজ লয়। পৰিভ্ৰমণ কালত বিধায়ক আশ্ৰাফুল হুছাইনে চৰাঞ্চলৰ বানপীড়িত সকলক প্ৰয়োজনীয় সহায়- সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3DrxBuC
via IFTTT

Comments