ওৰাঙত জন্ম দিনৰ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত বহু পৰিয়ালৰ ৩৬জন লোক…

ডিজিটেল সংবাদ,ওৰাং: ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত সোণাজুলি, গেলাবিল, জামুগুৰি, কলবাৰী গাঁৱৰ ৩৬ গৰাকী লোক ওপজা দিনৰ প্ৰসাদ খাই বিষক্ৰিয়াত গুৰুতৰভাৱে আক্ৰান্ত হোৱা খবৰে সমগ্ৰ ওৰাং অঞ্চলতে ত্ৰাসৰ সৃষ্টি হৈছে। সোণাজুলি গাঁৱৰ নিবাসী বিচিত্র তালুকদাৰ নামৰ ব্যক্তিজনৰ পুত্ৰ ৰিতুৰাজ তালুকদাৰ (১৮) ৰ ওপজা দিনৰ প্ৰসাদ খাই এই পৰ্যন্ত শিশু, ছাত্র-ছাত্ৰী, যুৱক-যুৱতী, পুৰুষ-মহিলা, প্ৰাপ্ত বয়স্ক লোককে আদি কৰি ৩৬ গৰাকী লোক আক্ৰান্ত হৈছে।
যোৱা ৰবিবাৰে সন্ধিয়া আয়োজিত এই জন্মদিনত উপস্থিত ওচৰ চুবুৰীয়া গাঁৱৰ লোকসকলে গ্ৰহণ কৰা বুট-মুগ-নাৰিকলৰ প্ৰসাদ খাই পুৱতি নিশাৰ পৰা হঠাৎ একাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হ’য়। তেওঁলোকক ততালিকে ওৰাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু তেজপুৰ খৃষ্টান মিছন হস্পিটালত ভৰ্তি কৰা হ’য়।
তিনিদিন ধৰি আজি পৰ্যন্ত এই বিষক্ৰিয়াত আক্ৰান্ত হৈয়ে আছে । তীব্র পেট-কামোৰণি, বিষ, সঘনাই বিজলুৱা-সেউজীয়া শৌচ, জ্বৰ, বমি হৈ চিকিৎসাধীন হৈ আছে এই পৰ্যন্ত। ইয়াৰে ভিতৰত দুজনৰ অৱস্থা অতি সংকটজনক অৱস্থাতে তেজপুৰত পৰি আছে। জানিব পৰা মতে গৃহস্থ বিচিত্ৰ তালুকদাৰে বুট ,মগু আদিবোৰ ধনশ্ৰীঘাটৰ সাপ্তাহিক বৃহস্পতিবৰীয়া বজাৰৰ পৰা ক্ৰয় কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি তীব্র ত্ৰাসৰ সৃষ্টি হৈ আছে।
ইফালে ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত বিষক্ৰিয়াত আক্ৰান্ত হোৱা লোক সকলক চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে আক্ৰান্ত পৰিয়ালৰ লোকসকলে। ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত উপযুক্ত চিকিৎসা প্ৰদান নোহোৱাৰ বাবে তেজপুৰৰ একাংশ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন কৰিব লগীয়া হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন বিষক্ৰিয়াত আক্ৰান্ত পৰিয়ালে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WDz8xl
via IFTTT
Comments
Post a Comment