কোভিড ভেকচিন প্ৰদানেৰে অভিলেখ সৃষ্টি কৰিলে ভাৰতে…

 ডিজিটেল ডেস্কঃ মঙলবাৰৰ দিনটোত পাঁচ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে কোভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ভাৰতে এক কোটিৰ মাইলৰ খুঁটি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে৷মঙ্গলবাৰে নিশা ১০ বজালৈকে ১.২৮ কোটিতকৈও অধিক ভেকচিনৰ ড’জ প্ৰদান কৰিছে ভাৰতে৷ ইয়াৰ পূৰ্বে বিগত ২৭ আগষ্টত ভাৰতে এটা দিনতে ১.০৩ কোটি ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছিল।

ইফালে জনসাধাৰণক ভেকচিন প্ৰদানৰ সংখ্যা বৃদ্ধি কৰিবলৈ কেন্দ্ৰই ৰাজ্যসমূহক জোৰ দি আহিছে। বিশেষকৈ আগন্তুক উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় পালিলৈকে ভেকচিন প্ৰদানৰ সংখ্যা বৃদ্ধি কৰাত অধিক মনোযোগ দিবলৈ আহ্বান জনাইছে।

প্ৰকাশিত খবৰ মতে চৰকাৰে ছেপ্টেম্বৰত প্ৰায় ২০ৰ পৰা ২২ কোটি কোভিড ভেকচিন আৰু অক্টোবৰত ২৫ৰ পৰা ৩০ কোটি ভেকচিনৰ ড’জ প্ৰদানৰ লক্ষ্য ৰাখিছে।আগন্তুক ডিচেম্বৰৰ ভিতৰত দেশত প্ৰায় ১৮৫ কোটি কোভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি অনুমান কৰা হৈছে৷

মঙলবাৰৰ পুৱালৈ দেশত ৬৪.৩৬ কোটিতকৈও অধিক ভেকচিনৰ ড’জ যোগান ধৰা হৈছে বুলি তথ্য পৰকাশ পাইছে৷বৰ্তমান, দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩৯ শতাংশই প্ৰথমপালি ভেকচিন গ্ৰহণ কৰাৰ বিপৰীতে ২৩ শতাংশ লোকে দুয়োপালি কোভিড ভেকচিন গ্ৰহণ কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3t1imDO
via IFTTT

Comments