পুৱাৰ খবৰ…

১. ন্যায়িক জিম্মালৈ প্ৰেৰণ ACS বিষয়া ছাইবৰ ৰহমানক। ৬টা দিন CM ভিজিলেন্সৰ জিম্মাত আছিল ছাইবৰ।পুনৰ জিম্মাত নল’লে CM ভিজিলেন্সে।খকুৱা ACS বিষয়া চাইবৰ ৰহমানৰ নতুন ঠিকনা হ’ব কেন্দ্ৰীয় কাৰাগাৰ।

২. গোৱালপাৰা অসম-মেঘালয় সীমান্তৰ হাতীগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা। দুৰ্বৃত্তৰ গুলীত নিহত এজন লোক। নিহত লোকজনৰ নাম তাপচ ৰাভা। হাতীগাঁও পাহাৰত ৰবৰ কাটিবলৈ গৈছিল লোকজন। আজি পুৱা ৪ বজাত সংঘটিত এই ঘটনা।

৩. লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৱৰ্তী টেমেৰা গাঁৱত আজি পশুখাদ্য বিতৰণ কৰা হয় ৷ ৰাজ্য চৰকাৰৰ অধীনৰ নাৰায়ণপুৰৰ খণ্ড পশু চিকিৎসালৰ তৰফৰ পৰা নৈপৰীয়া বানাক্ৰান্ত লোকসকলৰ পশুধন সমূহৰ বাবে এই খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। বিভাগৰ হৈ ডাঃ জ্যোতি পৱণ চুতীয়া আৰু ক্ষেত্ৰ সহায়ক পুতুল বৰুৱাই আজি নৈ পৰীয়া ১২ খন গাঁৱৰ ৰাইজৰ বাবে চাৰিশ কুইন্টল খাদ্য বিতৰণ কৰে।

৪. মৰিগাঁও জিলাৰ ন ন অঞ্চল প্লাবিত হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহৰ বাঢ়নী পানীত।জিলা খনৰ মায়ং আৰু ভূৰাগাও ৰাজহ চক্ৰৰ শতাধিক ৰাজহ গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে।বিস্তৰ কৃষি ভূমি জলমগ্ন হৈছে।শালিধান ৰ শ শ বিঘা কৃষি ভূমি অনিষ্ট হৈছে।ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত দৰং আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ঘৰ দুৱাৰ বহুতৰে বুৰ গৈছে।

৫. অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কার্যালয়ে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে দিনে নিশাই সেৱা আগবঢ়াই অহা সাংবাদিক আৰু সংবাদ কৰ্মী সকলক আজিৰে পৰা থিতাতে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

৬. বিশিষ্ট লেখক তথা সমালোচক প্ৰভাত বৰা অসুস্থ।কোৰোনাত আক্ৰান্ত হৈছে বিশিষ্ট সমালোচকগৰাকী।বৰ্তমান গুৱাহাটীৰ এ’পল হস্পাতালত চিকিতসাধীন হৈ আছে প্ৰভাত বৰা।গুণমুগ্ধসকলে তেখেতৰ আশু-আৰোগ্য কামনা কৰিছে।অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ বাবে কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰা হৈছে তেওঁক।

৭. উত্তৰ অসমৰ  সভ্যতা সংস্কৃতিৰ  প্ৰতি প্ৰচণ্ড ভাবুকি  নমাই  নিৰ্মান কাৰ্য্য অব্যাহত আছিল নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ  কাম। নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই জলপ্ৰলয়ৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে মঙ্গলবাৰে  প্ৰকল্পটোত  পুনৰ সংঘটিত হয় অঘটন।  অৰুণাচল প্ৰদেশত সৃষ্টি হোৱা প্ৰবল বৃষ্টিপাতৰ পৰিণতিত  সোৱণশিৰীৰ বুকু ফেনে ফুটুকাৰে উফন্দি উঠি  মঙ্গলবাৰে প্ৰকল্পটোৰ  ৫ নং  দাইভাৰচন  টানেলৰ ওপৰৰ অংশত  সংঘটিত হয় শিহৰণকাৰী ভূমিস্খলন। পাহাৰটোৰ বৃহৎ  শৈল অংশ টানেলটোৰ সন্মুখত  খহি পৰি সৃষ্টি হৈছে  অভাৱনীয় পৰিস্থিতিৰ।  

৮. ব্ৰহ্মপুত্ৰৰ পানী পুনৰ বৃদ্ধি পোৱাৰ লগে লগে তীব্ৰ খহনীয়াৰ কবলত পৰিছে মাজুলী৷ ইয়াকে লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই৷ এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে খহনীয়া প্ৰতিৰোধৰ নামত ব্ৰহ্মপুত্ৰ ব’ৰ্ডে চূড়ান্ত হেতালি খেলি মাজুলীলৈ বিপদ কঢ়িয়াই আনিছে৷ তাৰ চৰম পৰিণতি ভোগ কৰিছে মাজুলীৰ বান পীড়িত জনতাই৷

৯. ৰাজস্থানত নাগাউৰৰ শ্ৰীবালাজীৰ ওচৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত মধ্য প্ৰদেশৰ ১২ জন লোক নিহত হোৱাৰ লগতে ৬ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাত ঘটনাস্থলীতে ৬ গৰাকী কৈ মহিলা আৰু ২ জন পুৰুষৰ মৃত্যু হৈছে।আনহাতে দুৰ্ঘটনাৰ পিছত ২ গৰাকী মহিলা আৰু ১ জন পুৰুষক বিকানেৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ পথত আধা বাটতে মৃত্যুবৰণ কৰে। আৰু চিকিৎসালয়ত চিকিৎসাৰ সময়ত এজন লোকৰ মৃত্যু হয়।

১০. মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে একেলগে মুঠ ৯ গৰাকী ন্যায়াধীশে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ৯ গৰাকী ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱাই। এই ৯ গৰাকী ন্যায়াধীশৰ মাজত আছে তিনিগৰাকী মহিলা ন্যায়াধীশ। মঙ্গলবাৰে ৯ গৰাকী ন্যায়াধীশে শপত গ্ৰহণ কৰাৰ পাছতে শীৰ্ষ ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ২৪ গৰাকীৰ পৰা ৩৩ গৰাকীলৈ বৃদ্ধি হ’ল।তাৎপৰ্যপূৰ্ণভাৱে, দেশৰ সৰ্ববৃহৎ ন্যায়ালয় উচ্চতম ন্যায়ালয়ে মঙলবাৰে ৰাতিপুৱা এক নতুন ইতিহাস ৰচনা কৰে। ইয়াৰ পূৰ্বে কেতিয়াও একেলগে ৯ জন ন্যায়াধীশে শপত গ্ৰহণ কৰা নাছিল। প্ৰথমবাৰৰ বাবে ন্যায়াধীশসকলে আদালত কক্ষৰ পৰিৱৰ্তে প্ৰেক্ষাগৃহত শপত গ্ৰহণ কৰিলে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3DA1B7x
via IFTTT

Comments