চন্দ্ৰ কুমাৰ শৰ্মাক অসম ভলীবল সন্থাৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ দায়িত্ব…

ডিজিটেল সংবাদ মঙলদৈঃ দৰঙ জিলাৰ হাজৰিকাপাৰা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক, ক্ৰীড়া সংগঠক চন্দ্ৰ কুমাৰ শৰ্মাক অসম ভলীবল সন্থাই মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰ দায়িত্ব অৰ্পণ কৰিছে। অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বিগত দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এ ভি এৰ গৱৰ্নিং বডিৰ এখন সভাত চন্দ্ৰ কুমাৰ শৰ্মাক মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰ দায়িত্ব দিয়া হয়।
স্বাভাৱিকতে ৰাজ্যৰ ভলীবল খেলৰ উত্তৰণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি দেহে -কেহে কাম কৰি অহা জ্যেষ্ঠ ক্ৰীড়া সংগঠক চন্দ্ৰ কুমাৰ শৰ্মাক গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰাত ভলীবল খেলুৱৈসকলৰ মাজত আনন্দৰ লহৰ উঠিছে।
উল্লেখযোগ্য যে দৰঙৰ হাজৰিকাপাৰাত চন্দ্ৰ কুমাৰ শৰ্মাৰ উদ্যোগত দুই শতাধিক উদীয়মান খেলুৱৈয়ে ভলীবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তদুপৰি তেখেতৰ নেতৃত্বত বিগত কেইবাবছৰ ধৰি হাজৰিকাপাৰাত বিশ্বনাথ শৰ্মা- বিমলা দেৱী সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BtOBhZ
via IFTTT
Comments
Post a Comment