৫ মিনিটতে বিশেষজ্ঞৰ পৰা জানিব পাৰিব কি দৰে কৰে যোগঃ আয়ুস মন্ত্ৰনালয়ে মুকলি কৰিব এপ..

ডিজিটেল ডেস্কঃ দেশবাসীক যোগৰ বিষয়ে সজাগ কৰি তুলিবলৈ কেন্দ্ৰীয় আয়ুস মন্ত্ৰনালয়ে তৈয়াৰ কৰিছে এক বিশেষ মোবাইল এপ। ৱাই-ব্ৰেক নামৰ যোগৰ এই বিশেষ এপটো বুধবাৰে সাধাৰণ ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব।
এই এপটোৰ সম্পূৰ্ণ নাম হৈছে যোগ ব্ৰেক। বুধবাৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে আয়ুষ মন্ত্ৰনালয়ৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন ৬ জন কেন্দ্ৰীয় মন্ত্ৰীয়ে ইয়াক মুকলি কৰিব। ৱাই-ব্ৰেকে সকলো ধৰণৰ যোগ আসন আৰু প্ৰাণায়ামৰ বিষয়ে তথ্য প্ৰদান কৰিব।
এই এপটো গুগ’ল প্লে’ ষ্টোৰ আৰু এপলৰ এপ ষ্টোৰৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰি। এই এপে মানুহক বিশেষজ্ঞসকলৰ পৰা মাত্ৰ ৫ মিনিটত যোগ কেনেদৰে কৰিব লাগে সেই বিষয়ে অৱগত কৰিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BytX0r
via IFTTT
Comments
Post a Comment