গোৱালপাৰাৰ জলসিঞ্চনৰ যান্ত্ৰিক সংমণ্ডল কাৰ্যালয় কাছাৰলৈ স্থানান্তৰিত কৰাৰ চৰকাৰী সিদ্ধান্তত জাঙুৰ খাই উঠিল ৰাইজ, দল-সংগঠন…

ডিজিটেল সংবাদ, গোৱালপাৰা: ১৯৬৪ চনত স্থাপিত গোৱালপাৰাৰ যান্ত্ৰিক সংমণ্ডল(জলসিঞ্চন)ৰ কাৰ্যালয়টো কাছাৰ জিলাৰ ধলাই সমষ্টিলৈ স্থানান্তৰিত কৰণৰ বাবে চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জিলাখনৰ স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে। উল্লেখযোগ্য যে,যোৱা ৩ আগষ্টত আই জি এন(ই)১৯২/২০২১/৫৮ নং জাননী যোগে অৰ্ধ শতিকা গঢ়কা জলসিঞ্চনৰ যান্ত্ৰিক সংমণ্ডল কাৰ্যালয়টো পুনৰ গঠন আৰু নতুন নামাকৰণৰ নামত সুদূৰ কাছাৰ জিলাৰ ধলাই সমষ্টিলৈ স্থানান্তৰিত কৰাৰ চৰকাৰী সিদ্ধান্ত লোৱা হৈছে।
চৰকাৰে লোৱা এই সিদ্ধান্তৰ কথা পলমকৈ পোহৰলৈ অহাৰ পিচতে জিলাখনৰ স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। গোৱালপাৰা চহৰৰ মাজমজিয়াত স্থাপিত এই সংমণ্ডলটোৰ কাৰ্যালয়ৰ পৰা বৃহত্তৰ গোৱালপাৰা জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন খেতি পথাৰৰ পানী যোগান আঁচনি গ্ৰহণ কৰিছে। বৰ্তমানেও আঁচনিসমূহ কাৰ্যক্ষম হৈয়ে আছে।
তদুপৰি দৰিদ্ৰ খেতিয়কসকলৰ সুবিধাৰ্থে খেতি পথাৰসমূহত পানী যোগান ধৰিবলৈ নতুন নতুন আঁচনিৰ প্ৰাক্ লন প্ৰস্তুত কৰি বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে।এক কথাত ক’বলৈ গ’লে গোৱালপাৰা জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ লক্ষ লক্ষ খাতিখোৱা কৃষকৰ কৃষিকাৰ্য এই সংমণ্ডটোৱে ৰূপায়ন কৰা পানী যোগান আঁচনিৰ ওপৰতে নিৰ্ভৰশীল।
সংমণ্ডলটোত কৰ্মৰত কৰ্মচাৰীসকলেও গোৱালপাৰা চহৰ আৰু ইয়াৰ আশে-পাশে নিগাজিকৈ বসবাস কৰি তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰে শিক্ষা গ্ৰহণ কৰি আছে। নিৰ্মাণ হ’বলগীয়া আঁচনিসমূহতো নিবনুৱা যুৱক-যুৱতিসকলে ঠিকাৰ কাম পোৱাৰ বাবে আশা পালি আছে।সেইদৰে সংমণ্ডটোত খালি হোৱা পদটো স্থানীয় যুৱক-যুৱতিসকলে সংস্থাপন পাই আহিছে।এনে সন্ধিক্ষণত সকলোকে বঞ্চিত কৰি পুৰণিকলীয়া সংমণ্ডলৰ কাৰ্যালয়টো কাছাৰ জিলালৈ স্থানান্তৰিত কৰাৰ চৰকাৰী জাননী তথা সিদ্ধান্তত ৰাইজ হতভম্ব হৈ পৰিছে।
চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী সিদ্ধান্ত বুলি আখ্যা দি কাৰ্যালয়টো স্থানান্তৰিতৰ সিদ্ধান্ত স্থগিত কৰাৰ দাবীত বুধবাৰে জিলাখনৰ বিভিন্ন দল-সংগঠনে জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে। অৱস্থান ধৰ্মঘটত জ্যেষ্ঠ নাগৰিক সমাজ,জিলা আঞ্চলিক ছাত্ৰ সন্থা(আছু),কৃষক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,চি পি আই(এম),চি পি আই,এই আই ইউ ডি এফ,ডি এফ ৱাই,ৰাইজৰ দল আদি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিকে ধৰি জ্যেষ্ঠ নাগৰিক ইউছুফ আলী,প্ৰাক্তন বিধায়ক দেৱান জয়নাল আবেদিন, বিশিষ্ট সমাজসেৱক বীৰেন্দ্ৰ কুমাৰ ওজা,যুৱ নেতা-নেত্ৰী ক্ৰমে- নবিউল হক,পাৰভেজ আলী,জাহানাৰা বেগম,আনিছুৰ আলম, অজিত কুমাৰ ডালু প্ৰমুখ্যে বিভিন্নজন সচেতন নাগৰিকে অংশ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদীসকলে হাতে হাতে বিভিন্ন প্ৰতিবাদী শ্ল’গানৰ পষ্টাৰ,বেনাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দিয়ে।ইনক্লাৱ জিন্দাবাদ, সংমণ্ডলৰ কাৰ্যালয় স্থানান্তৰ কৰা নচলিব,কৃষক বিৰোধী সিদ্ধান্ত বাতিল কৰক, বিভাগীয় মন্ত্ৰী হুচিয়াৰ,কৃষকক বিপদত পেলোৱা কাম সহ্য কৰা নহ’ব, হঠকাৰী সিদ্ধান্ত বাতিল কৰিবই লাগিব,এই আন্দোলন চলিছে চলিবই আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত চিপিআই(এম)ৰ সম্পাদক ননী দাসে বিষোদগাৰ প্ৰকাশ কৰি কয়-প্ৰতিখন চৰকাৰে নামনি অসমৰ গোৱালপাৰা জিলাক মাহী আইৰ দৃষ্টি নিক্ষেপ কৰি আহিছে।
বিজেপি চৰকাৰো ইয়াৰ ব্যতিক্ৰম নহয়।উদ্যোগ, বানিজ্য আদি সৰ্বদিশত অৱহেলিত হৈ অহা জিলাখনৰ কৃষকসকলকো চৰকাৰে বঞ্চিত কৰিবলৈ ওলাইছে। গোৱালপাৰা জিলাকে ধৰি কাষৰীয়া জিলাখনৰ দৰিদ্ৰ কৃষকসকলে জলসিঞ্চনৰ যান্ত্ৰিক সংমণ্ডলৰ কাৰ্যালয়ে যোগান ধৰা বিভিন্ন পানী যোগান আঁচনিৰে পথাৰত বিভিন্ন খেতি বাতি কৰি নিজৰ লগতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি আহিছে।কিন্তু শেহতীয়াকৈ গোৱালপাৰাৰ এই সংমণ্ডলটো অইন জিলালৈ নি স্থানীয় কৃষক ৰাইজৰ মূৰত চৰকাৰে ৰামটাঙোন মাৰিবলৈ প্ৰস্তুত হৈছে।এইয়া চৰম দুৰ্ভাগ্যজনক কথা। চৰকাৰৰ এই সিদ্ধান্ত পৰিহাৰ কৰিবলৈ আমি দাবী জনাইছো।চৰকাৰৰ এই কৃষক বিৰোধী সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব।
চৰকাৰে সিদ্ধান্ত বাতিল নকৰালৈকে আন্দোলন চলাবলৈ আমি পন লৈছো। প্ৰয়োজনত সকলো কৃষকে যদি ৰাজপথত জপিয়াই পৰিব লাগে পৰিব,তথাপি সংমণ্ডল ইয়াৰ পৰা নিবলৈ দিয়া নহ’ব।দিল্লীৰ বৰ্ডাৰ কৃষক বিদ্ৰোহ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’লে ইয়াৰ বাবে চৰকাৰেই জগৰীয়া হ’ব বুলিও চি পি আই এমৰ সম্পাদকগৰাকীয়ে চৰকাৰক সকীয়নি দিয়ে।এ আই ইউ ডি এফৰ ৰাজ্যিক সম্পাদক আব্দুল হাইয়েও চৰকাৰক সকীয়নি দি কৃষক বিৰোধী সিদ্ধান্ত পৰিহাৰ কৰিবলৈ দাবী জনাইছে।ৰাইজৰ দলৰ আহ্বায়ক আমিনুল হকে কয়- চৰকাৰে কৃষকৰ বিৰুদ্ধে লোৱা এই সিদ্ধান্ত কোনো পধ্যেই মানি লোৱা নহ’ব।
চৰকাৰক সংমণ্ডল স্থানান্তৰিত কৰণৰ সিদ্ধান্ত বাতিল কৰিবলৈ তেওঁ দাবী জনায়। প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লোৱা জ্যেষ্ঠ আৰু বিশিষ্ট সমাজসেৱক নাগৰিকসকলেও চৰকাৰক কঠোৰ সমালোচনা কৰি সংমণ্ডলটো স্থানান্তৰিত নকৰিবলৈ আহ্বান কৰে।প্ৰতিবাদৰ অন্তত সংমণ্ডলটো স্থানান্তৰিত কৰাৰ চৰকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মালৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।ইয়াৰ প্ৰতিলিপি জলসিঞ্চন মন্ত্ৰী, গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী, জলসিঞ্চন বিভাগৰ প্ৰধান সচিব,জিলা উপায়ুক্ত আৰু জিলাখনৰ চাৰিওজন বিধায়কলৈ প্ৰেৰণ কৰা হয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YiIZsN
via IFTTT
Comments
Post a Comment