অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযানঃ আকৌ জব্দ চাৰি কোটিৰ ড্ৰাগছ

- অব্যাহত আছে কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
- অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ আৰক্ষীৰ পহৰা চকীত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
- আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হৈছে প্ৰায় ৬৫০ গ্ৰাম ড্ৰাগছ।
- এম এন ০১ এছ ১৬৮০ নম্বৰৰ এখন ব’লেৰ গাড়ীত মণিপুৰৰ পৰা অনা হৈছিল ড্ৰাগছখিনি।
- আৰক্ষীয়ে মণিপুৰৰ দুই ব্যক্তি ক্ৰমে নাগামচেপ হাউকিপ আৰু লেতখলালক আটক কৰিছে।
- জব্দকৃত ড্ৰাগছখিনি গুৱাহাটীৰ কোনো অজ্ঞাত ব্যক্তিক দিয়াৰ কথা স্বীকাৰ কৰিছে ধৃত দুই ব্যক্তিয়ে।
- জব্দ কৰা ৬৪৬ গ্ৰাম ড্ৰাগছখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় চাৰি কোটি টকা বুলি জানিব পৰা গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BscNBu
via IFTTT
Comments
Post a Comment