টুলুঙা নাৱত বাঁহ পাৰি কোভিড ভেকচিন প্ৰদানৰ বাবে স্বাস্থ্যকৰ্মীৰ বিপদসংকুল যাত্ৰা

ডিজিটেল সংবাদ মৰিগাওঁঃ কোভিডৰ সংক্ৰমণ এতিয়াও হ্ৰাস পোৱা নাই। প্ৰতিদিনেই ৰাজ্যত চিনাক্ত হৈছে শ-শ কোভিড আক্ৰান্ত। তাৰ মাজতে আকৌ ভদীয়া বানৰ তাণ্ডৱ। ৰাজ্যৰ মুঠ ২১ খন জিলা এতিয়া বানৰ কবলত। ব্ৰহ্মপুত্ৰকে ধৰি অন্যান্য নৈ-উপনৈ পানিৰে উপচি আছে। এনে পৰিস্থিতিৰ মাজতো কোভিড যুদ্ধাসকলে পালন কৰি গৈছে নিজৰ দায়িত্ব।
এখন বিশেষ ফটোৱে কোভিড যুদ্ধাসকলে কিমান বিপদসংকুল যাত্ৰাৰ মাজৰে গৈ সাধাৰণ জনতাক কোভিড ভেকচিন প্ৰদান কৰিছে সেই বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰি তুলিছে। মৰিগাওঁ জিলাৰ এটা স্বাস্থ্য কৰ্মীৰ দলে ভৰা লুইতৰ বুকুত টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা কৰি এখন গাঁৱত কোভিড ভেকচিন প্ৰদান কৰিলে।

জিলাখনৰ খান্দাখাইটি গাঁৱলৈ গৈ ৰাইজক কোভিড ভেকচিন প্ৰদান কৰিবলৈ এই স্বাস্থ্য কৰ্মীৰ দলটোৱে ভৰা লুইতৰ বুকুত টুলুঙা নাওঁ লৈ বিপদসংকুল যাত্ৰা কৰিলে। এই যাত্ৰাত তেওঁলোকৰ সেই নাও লুইতৰ ঢৌত লৰচৰ কৰিব নোৱাৰাকৈ বাঁহ পাৰি ল’লে। আৰু তেনেদৰেই তেওঁলোকে ভৰা লুইত পাৰ হৈ নিজ দায়িত্ব পালন কৰিলে।
৩১ আগষ্ট, ২০২১ৰ এই দৃশ্যই স্বাস্থ্য কৰ্মীসকলে নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত সকলোধৰণৰ বাধা কিদৰে অতিক্ৰম কৰিছে তাৰ এক সুন্দৰ উদাহৰণ বহন কৰিছে।যিসময়ত দেশে এটা দিনত কোটিৰ ঘৰত কোভিড ভেকচিন প্ৰদানেৰে অভিলেখ সৃষ্টি কৰিছে তেনে সময়ত এইদৰে স্বাস্থ্যকৰ্মীয়ে নিজ দায়িত্ব পালন কৰি কোভিডৰ বিৰুদ্ধে কৰা যুঁজত অৱতীৰ্ণ হোৱাটো নিশ্চিয় প্ৰশংসনীয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ju87F4
via IFTTT
Comments
Post a Comment