কৃষিমন্ত্ৰী অতুল বৰাৰ ম’হমাইকী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি : বঞ্চিত হৈছে হিতাধিকাৰী
কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ম’হমাইকী গাঁও পঞ্চায়তত সংঘৰ্টিত এলানি দুৰ্নীতিৰ তথ্য আমাৰ এক বিশেষ অনুসন্ধানত পোহৰলৈ আহিছে৷
ম’হ মাইকী গাঁও পঞ্চায়ততে আছে কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাৰ বাসগৃহ৷
ম’হমাইকী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ড কাকজান এলেকাত চলোৱা এক চৰজমিন তদন্তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত হোৱা এলানি অনিয়মৰ লগতে হিতাধিকাৰীৰ নামত নিৰ্মিত বহু ঘৰ অব্যৱহৃত হৈ দীৰ্ঘ দিন ধৰি পৰি ৰোৱাৰ তথ্য পোহৰলৈ আহিছে৷
প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত নিৰ্মিত বহু ঘৰ আজিও অসম্পুৰ্ণ হৈ পৰি ৰৈছে কাকজান অঞ্চলত৷
স্থানীয় লোকৰ কল্যাণৰ বাবে নহয় কেৱল ঠিকাদাৰৰ কল্যাণৰ বাবেহে এইবোৰ ঘৰ নিৰ্মান কৰিছে ম’হ মাইকী গাঁও পঞ্চায়তে৷
গাঁও পঞ্চায়ত খনৰ ১০ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য সবিতা তাঁতীৰ স্বামী দীপক তাঁতীয়ে নীতি বৰ্হিভূতভাৱে কাকজান অঞ্চলটোৰ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ বহু ঘৰ নিৰ্মাণ কৰাৰ ঠিকা লৈ ঘৰবোৰ আজিও সম্পুৰ্ণকৈ বনাই নিদিয়াৰ অভিযোগ পোৱা গৈছে৷
আমাৰ অনসন্ধানত ওলোৱা তথ্য মতে কাকজান গাঁৱৰ নিৱাসী প্ৰণতি শইকীয়া নামৰ বিধৱা মহিলা গৰাকীৰ ঘৰ নিৰ্মাণৰ নামত অনুমোদিত সমুদায় ধন বেংক একাউন্টৰ পৰা ওলাই নিয়াৰ পাছতো প্ৰণতি শইকীয়াৰ ঘৰটোৰ দৰ্জা আৰু যাৱতীয় কাম আজিও কৰি দিয়া নাই ঠিকাদাৰ দীপক তাঁতীয়ে৷
ঘৰৰ নিৰ্মাণৰ বাবেই প্ৰণতিৰ নাম সলনি কৰি কৰা হৈছিল প্ৰগতি শইকীয়া৷
কিন্তু ঘৰ নিৰ্মাণৰ নামত পাব লগা জব কাৰ্ডৰ ধন আজিও পোৱা নাই প্ৰণতি শইকীয়াই৷
ইফালে প্ৰণতি শইকীয়াৰ ঘৰ নিৰ্মাণৰ বাবে জব কাৰ্ডৰ জড়িয়তে ৫৪ দিনৰ ১৩,২৬৫ টকা মুকলি কৰি দিয়া বুলি ম’হমাইকী গাওঁ পঞ্চায়তৰ তথ্যত প্ৰকাশ পোৱাৰ পিচতো এই ধনৰ আজিলৈকে এটকাও পোৱা নাই বুলি জনাইছে প্ৰণতি শইকীয়াই৷
পঞ্চায়তখনৰ বিষয়ববীয়াই প্ৰণতি শইকীয়াৰ জব কাৰ্ডৰ এই প্ৰাপ্য ধনৰ আত্মসাত কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে৷
The post কৃষিমন্ত্ৰী অতুল বৰাৰ ম’হমাইকী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি : বঞ্চিত হৈছে হিতাধিকাৰী appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/31wpLin
via IFTTT
Comments
Post a Comment