আফ্ৰিকাৰ পৰা বিদায়; বিশ্বত পাকিস্তান আৰু আফগানিস্তানতহে আছে পলিঅ’ৰ প্ৰাদুৰ্ভাৱ

সমগ্ৰ আফ্ৰিকা মহাদেশক মঙলবাৰে পলিঅ’ মুক্ত বুলি ঘোষণা কৰা হয়।

অন্তিমখন আফ্ৰিকা মহাদেশৰ দেশ হিচাপে নাইজেৰিয়াক পলিঅ’ মুক্ত বুলি ঘোষণা কৰাৰ পাছতে সমগ্ৰ আফ্ৰিকা সম্পুৰ্ণৰূপে পলিঅ’ মুক্ত হৈ পৰে।

আফ্ৰিকা মহাদেশ সম্পুৰ্ণৰূপে পলিঅ’ মুক্ত হোৱাৰ পাছত বিশ্বৰ মাত্ৰ দুখন দেশতহে পলিঅ’ৰ প্ৰাদুৰ্ভাৱ এতিয়াও আছে।

পলিঅ’ৰ প্ৰাদুৰ্ভাৱ থকা দেশ দুখন হৈছে পাকিস্তান আৰু আফগানিস্তান।

১৯৯৬ চনত ৭৫০০০ ৰো অধিক আফ্ৰিকা মহাদেশৰ শিশু পলিঅ’ৰ বাবে পংগু হ’বলগীয়া হৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাই আফ্ৰিকা মহাদেশৰ দেশ সমূহক পলিঅ’ মুক্ত কৰাৰ বাবে বৃহৎ জনসম্পৰ্ক অভিযান চলাইছিল।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে পলিঅ’ৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টি কৰি সমগ্ৰ ভাৰতৰ পৰা পলিঅ’ক বিদায় দিছিল।

এতিয়াও ভাৰতত পলিঅ’ সপ্তাহ অভিযান নামাকৰণে দেশৰ শিশুসকলক পলিঅ’ৰ প্ৰতিষেধক প্ৰদান কৰা হয়।

 

The post আফ্ৰিকাৰ পৰা বিদায়; বিশ্বত পাকিস্তান আৰু আফগানিস্তানতহে আছে পলিঅ’ৰ প্ৰাদুৰ্ভাৱ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Qs7PPL
via IFTTT

Comments