পঞ্জাৱত ২ মন্ত্ৰীসহ ২৬ গৰাকী বিধায়ক ক’ৰ’ণাত আক্ৰান্ত : আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা !

পঞ্জাৱত একেলগে ২৩ গৰাকী কংগ্ৰেছী আৰু অন্য দলৰ তিনি গৰাকী বিধায়কৰ শৰীৰত ধৰা পৰিছে মহামাৰী ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, অহা ২৮ আগষ্টৰ পৰা পঞ্জাৱ বিধান সভাৰ অধিবেশন আৰম্ভ হোৱাৰ কথা।

বিধান সভা অধিবেশনৰ পূৰ্বে ৰাজ্যখনৰ ২৩ জন কংগ্ৰেছী বিধায়কসহ ২৬ জনকৈ বিধয়ক ক’ৰ’ণাত আক্ৰান্ত হোৱাত দুঃচিন্তা বঢ়াইছে ৰাজ্য চৰকাৰৰ।

ইফালে চিন্তাম্বিত মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে কয়ে যে যি সময়ত মন্ত্ৰী-বিধায়কসকলেই ক’ৰ’ণাৰ পৰা সুৰক্ষিত নহয় তেনে সময়ত জেইই আৰু নীট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাটো দুৰ্ভাগ্যজনক।

“যদি মন্ত্ৰী আৰু বিধায়কৰেই এই অৱস্থা হয়, এই কথা স্পষ্ট যে দেশৰ পৰিস্থিতি অতি গুৰুতৰ।” মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে কয়।

ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টভাৱে কয় যে, বিধান সভাত হাজিৰ হোৱাৰ আগতে প্ৰতিজন বিধায়কে ক’ৰ’ণাৰ নিগেটিভ ৰিপ’ৰ্ট লৈ আহিব লাগিব।

ইফালে ৰাজ্যখনৰ ৰাজহ মন্ত্ৰী গুৰপ্ৰীত কৌৰ আৰু উদ্যোগমন্ত্ৰী শ্যামসুন্দৰ আৰোৱাও ক’ৰ’ণাত আক্ৰান্ত হৈছে।

যোৱা মঙ্গলবাৰে আম আদমি পাৰ্টিৰ দুজন আৰু শিৰোমণি আকালি দলৰ এজন বিধায়কৰ শৰীৰতো কোভিড১৯ পজিটিভ পোৱা গৈছিল।

পঞ্জাৱ বিধান সভাৰ অধ্যক্ষ ৰাণা কে পি সিঙে জনাইছে যে বিধান সভা অধিবেশনৰ পূৰ্বে ৰাজ্যখনৰ সকলো বিধায়কৰে স্বাৱ টেষ্ট কৰোৱা হৈছিল।

তেওঁৰ মতে বৃহস্পতিবাৰে দিনৰ ভাগতহে মুঠ কিমানজন বিধায়ক ক’ৰ’ণাত আক্ৰান্ত হৈছে সেয়া স্পষ্ট হ’ব।

The post পঞ্জাৱত ২ মন্ত্ৰীসহ ২৬ গৰাকী বিধায়ক ক’ৰ’ণাত আক্ৰান্ত : আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা ! appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Ey7U1z
via IFTTT

Comments