JEE-NEET পৰীক্ষাঃ ২৮ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছৰ ধৰ্ণা…

ডিজিটেল ডেস্কঃ নিৰ্ধাৰিত সময়তে আয়োজন কৰা হ’ব JEE-NEET পৰীক্ষা। কিন্তু এই দুয়োটা পৰীক্ষা স্থগিত ৰখাৰ দাবী উত্থাপন কৰিছে বহুজনে। বৃহস্পতিবাৰে জানিব পৰা অনুসৰি, কংগ্ৰেছে JEE-NEET পৰীক্ষা আয়োজন কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত কৰিব ধৰ্ণা কাৰ্যসূচী।
অহা ২৮ আগষ্টত দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কংগ্রেছে সাব্যস্ত কৰিব ধৰ্ণা। দলটোৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপালে সাংবাদিকৰ আগত কয় যে, প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতা তথা কৰ্মকৰ্তাকসকলে কেন্দ্ৰীয় চৰকাৰৰ যিমানবোৰ দপ্তৰ আছে, সেই সকলোবোৰ দপ্তৰৰ সমুখত সামাজিক দূৰত্ব বৰ্তাই সাব্যস্ত কৰিব ধৰ্ণা। তদুপৰি ছ’চিয়েল মিডিয়াতো হেজটেগ স্পিক আপ ফৰ ষ্টুডেন্টছ ছেফটী অভিযান চলাব কংগ্ৰেছে।
The post JEE-NEET পৰীক্ষাঃ ২৮ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছৰ ধৰ্ণা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3lnzpMg
via IFTTT
Comments
Post a Comment